ৰেডিঅ’ কলাৰ পদ্ধতিৰে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিব বন বিভাগে

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনৰ লগতে নগাঁও জিলাতো হাতী আৰু মানুহৰ সংঘাত দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। জিলাখনৰ কলিয়াবৰ, চামগুৰি, পদুমনি, বৰদল, বালিজুৰি, বৰবাৰী, চাপানালা, কন্দলীকে ধৰি বিভিন্ন স্থানত বনৰীয়া হাতীয়ে বছৰৰ পাছত বছৰ ধৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে।

ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহুজন আহত হৈছে। তদুপৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত জিলাখনৰ বহুহেজাৰ হেক্টৰ কৃষিভূমি বিস্তৰ ক্ষতিসাধন হৈছে। নগাঁও জিলাৰ জনসাধৰণৰ লগতে বিভিন্ন দল সংগঠনে বনৰীয়া হাতীৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে বনবিভাগক দাবী জনাই আহিছে যদিও বন বিভাগ এই ক্ষেত্ৰত সফল হ’ব পৰা নাই।

জিলাখনৰ বিভিন্ন স্থানত ৰাইজে বনবিভাগৰ অকমৰ্ণ্যতাৰ অভিযোগ তুলি বন বিভাগৰ লোকক ৰাইজে শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাও সংঘটিত হৈছে। বিগত বৰ্ষসমূহৰ দৰে চলিত বছৰতো বনৰীয়া হাতীয়ে নগাঁও জিলাৰ বিভিন্ন স্থানত তাণ্ডৱ চলাই খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে।

ইপিনে একাংশ লোকে নিজাববীয়াকৈ খেতি পথাৰত বিদ্যুৎ সংযোগ কৰি হাতীৰ আক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰাৰ ফলত চলিত বৰ্ষত পাচঁটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। কেইদিনমানৰ পূৰ্বে বনৰীয়া হাতীয়ে নগাঁও চহৰৰ সমীপৰ চিলঙনী অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই খেতি পথাৰ নষ্ট কৰাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত পাঁচজন লোক আহত হৈছিল।

এই হাতী আৰু মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে শেহতীয়াভাৱে হাতী-মানুহৰ সংঘাত দূৰ কৰা আৰু উপদ্ৰব ৰোধ কৰাৰ বাবে নগাঁও জিলা বন বিভাগে এক অভিনৱ পদ্ধতি গ্ৰহণ কৰিছে। নগাঁও বন সংমণ্ডল বিষয়া শুভাশীষ দাসে জনোৱা মতে নগাঁও বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত হৈ থকা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ অনুসৰি বনবিভাগে বনৰীয়া হাতীৰ ডিঙিত জি পি এছ বেচ ৰেডিঅ’ কলাৰ লগাই দিব।

বন বিভাগৰ সূত্ৰই জনোৱা মতে খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা হাতীৰ জাকৰ ভিতৰত এটা বনৰীয়া হাতীক টেংকুলাইজ কৰি হাতীটোৰ ডিঙিত ৰেডিঅ’ কলাৰ পিন্ধাই দি হাতীটোক পুনৰ হাতীৰ জাকৰ ওচৰলৈ পঠাই দিব। তদুপৰি পৃথকভাৱে অহা বনৰীয়া হাতীৰ ক্ষেত্ৰতো একেই পদ্ধতি গ্ৰহণ কৰিব বন বিভাগে।

এই ৰেডিঅ’ কলাৰে বনৰীয়া হাতী জনাঞ্চললৈ অহাৰ সংকেত আগতীয়াকৈ বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে লাভ কৰাৰ লগতে এলেকাসমূহৰ জনসাধাৰণে লাভ কৰিব। এনে সংকেত লাভ কৰাৰ পাছতেই বন বিভাগে হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত সফল হ’ব বুলি সুত্ৰটোৱে জানিবলৈ দিয়ে।

ইতিমধ্যে এই সন্দৰ্ভত বন্যপ্ৰাণী বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতত নগাঁৱত এখন উচ্চ স্তৰৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নগাঁও সংমণ্ডল বন বিভাগে অসম চৰকাৰৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক (বন্যপ্ৰাণী বিভাগৰ মুখ্য বন সংৰক্ষক) এই সন্দৰ্ভত অৱগত কৰিছে। শীৰ্ষ বন বিষয়াগৰাকীয়ে এই সন্দৰ্ভত সন্মতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।