পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত গ্ৰন্থ লিখিছে অৰণ্য মানৱ যাদৱ পায়েঙে

Jadav-payeng-750x375

ফটো: দ্য নিউজ মিলৰ সৌজন্যত

ভাৰতৰ অৰণ্য মানৱ হিচাপে খ্যাত অসমৰ যাদৱ পায়েঙে বৰ্তমান পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত এখন গ্ৰন্থ লিখাৰ কামত ব্যস্ত হৈ আছে।

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ মহৎ প্ৰচেষ্টাই লক্ষ লক্ষ লোকক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত ই এক সৰু পদক্ষেপ বুলি তেওঁ ভাৱে।

পায়েঙে কয় যে গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰীসকলক বনানীকৰণৰ লাভালাভ সম্পৰ্কে জনাৰ লগতে পৰিৱেশক ভালদৰে বুজিব পাৰিব।

‘’মই পৰিৱশেৰ সম্পৰ্কে এখন গ্ৰন্থ লিখি আছো যাতে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশ সম্পৰ্কে সহজেই বুজিব পাৰে… তেওঁলোকে কিছুমান প্ৰেক্টিকেল কামো কৰিব পাৰে,’’-অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই আয়োজন কৰা এক অনুষ্ঠানত পায়েঙে এনেদৰে কয়।

গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ‘প্ৰকৃতি’ অনুষ্ঠানত ৪০০তকৈয়ো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোত ভাষণ দি পায়েঙে তেওঁৰ প্ৰেৰণাদায়ী যাত্ৰাৰ বিষয়ে কয়।

‘’মই হাবিখন নিৰ্মাণ কৰোতে সমাজৰ সৈতে যুজিছিলো। এতিয়া মোৰ হাবিখনে বহু লোকৰ জীৱিকা নিৰ্বাহৰ উৎস হৈ পৰিছে,’’-তেওঁ কয়।

পায়েঙে বৰ্তমান চলি থকা শিক্ষা ব্যৱস্থাত পৰিৱেশৰ ওপৰত যথোপযুক্ত গুৰুত্ব নিদিয়াৰ বাবে সমালোচনা কৰে।

‘’মানুহে গছৰ নাম জানে, কিন্তু  বাস্তৱত তেওঁলোকে গছডাল চিনি নাপায়। এইটো ভাল অৱস্থা নহয়। পৰিৱেশৰ শিক্ষা প্ৰাথমিক স্তৰৰ পৰাই অন্তৰ্ভুক্ত কৰিব লাগে,’’- তেওঁ এইদৰে কয়।

পায়েঙে লগতে কয় যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই অঞ্চলটোত পৰ্যটনক সহায় কৰিব পাৰে।

‘’যেতিয়া কোনোৱে অসম ভ্ৰমণ কৰে, তেওঁলোকে এক সজীৱ পৰিৱেশত বাস কৰে যিটো কম প্ৰদূষিত,’’-তেওঁ কয়।

পায়েঙে লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকল হৈছে ভৱিষ্যত আৰু সেই কাৰণেই তেওঁ তেওঁৰ হাবিখন যুৱ প্ৰজন্মক উৎসৰ্গা কৰিছে।

‘’এতিয়া হাবিখন অকল মোৰ নহয়। মই আপোনালোকে ইয়াৰ যত্ন লোৱাটো বিচাৰো। আপনালোকে যদি পৰিৱেশটো ৰক্ষা কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াগ’লে কেই বছৰমান পাছত গোটেই মানৱ জাতিয়ে ভূগিব লাগিব,’’-তেওঁ কয়।

জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত পায়েঙে কয় যে বিশ্বৰ নেতাসকলে প্ৰদূষণৰ বাবে পৃথিৱীখন সংকটত পৰিছে সেইটো মানি লোৱা উচিত।