NORTHEAST NOW (Assamese)

অচিৰেই ৰাজ্যখনত স্থাপন হ’ব দ্বিতীয়খন চিৰিয়াখানা!

October 1, 2019 10:45 pm · অনিৰুদ্ধ লস্কৰ
Updated: October 1, 2019 10:47 pm
৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ এটা কাৰ্য্যসূচীত কাছাৰ বন সংমণ্ডলৰ মাণ্ডলিক বিষয়া ছান্নী দেও চৌধুৰী। ১ অক্টোবৰত।

ৰাজ্যবাসীয়ে অচিৰেই দ্বিতীয়খন চিৰিয়াখানা পাব পাৰে আৰু এইখন বৰাক উপত্যকাৰ ধলাইত স্থাপিত হোৱাৰ সম্ভাৱনা।

এই সম্ভাৱনাৰ কথা আজি প্ৰকাশ কৰিছে কাছাৰ বন সংমণ্ডলৰ মাণ্ডলিক বিষয়া ছান্নী দেও চৌধুৰীয়ে।

জিলাখনত আজি অনুষ্ঠিত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ এটা কাৰ্য্যসূচীত চৌধুৰীয়ে কয়, যদি সকলো ঠিকে থাকে ধলাইত এখন চিৰিয়াখানা আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন হ’ব।

দক্ষিণ অসমৰ কাছাৰ জিলাৰ ধলাই ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সমষ্টি।

“আমি মুখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়ক (warden)ৰ পৰা সেউজ সংকেত পাইছো আৰু ইয়াক যথাস্থানত পোৱাবলৈ আমি চেষ্টা কৰি আছো”, বন বিষয়াজনে কয়।

তেওঁ এখন চিৰিয়াখানা স্থাপনৰ আৰম্ভণি প্ৰক্ৰিয়াটোত তিনি-চাৰি বছৰ লাগি যায় বুলি মন্তব্য কৰি বন বিভাগে সেইটো এবছৰৰ ভিতৰত কৰিবলৈ চেষ্টা কৰি আছে বুলি কয়।

যোৱা ৭ জুনত ৰজনীখাল অঞ্চলৰ পৰা ৮২টা পৰিয়ালক উচ্ছেদ কৰাৰ উদ্দেশ্য এই চিৰিয়াখানা স্থাপনেই আছিল নেকি বুলি সোধা প্ৰশ্নত পোনপটীয়াকৈ অস্বীকাৰ কৰে বিষয়াজনে।

“মুঠেই নহয়। অবৈধ দখলকাৰীয়ে ঠাইখিনি দখলত ৰাখিছিল বাবেহে ইয়াত উচ্ছাদ কৰা হৈছিল। আমাৰ সুৰক্ষিত ভূমিক মুকলি কৰাটো আমাৰ কৰ্তব্য। কিন্তু কাৰিকৰীভাৱে ঠাইখিনি চিৰিয়াখানা আৰু উদ্ধাৰ কেন্দ্ৰ বহিব পৰাকৈ সম্ভাৱনাপূৰ্ণ।”, সাংবাদিকৰ প্ৰশ্নত চৌধুৰীৰ উত্তৰ।

তেওঁ লগতে কয়, চিৰিয়াখানা আৰু উদ্ধাৰ কেন্দ্ৰ যদি হয়, এই মানুহখিনিয়ে নিয়োগৰ সুবিধা পাব।

মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰই এই সন্দৰ্ভত কয়, “মই ব্যক্তিগতভাৱে ঠাইখিনি চাইছো আৰু এতিয়া দিল্লীৰ এটা দল এই ঠাইডোখৰ চাবলৈ আহি আছে। যদি ঠাইখিনিত এখন চিৰিয়াখানা হয়, কেৱল মানুহে নতুন বস্তু এটা চাবলৈ পোৱাই নহয়, ই অঞ্চলটোত বন্যপ্ৰাণী সংৰক্ষণতো সহায় কৰিব।”

কাইলৈ ঠাইখিনি পৰ্য্যৱেক্ষণৰ বাবে দিল্লীৰ পৰা দলটো অহাৰ কথা।

Related News