• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচিৰেই ৰাজ্যখনত স্থাপন হ’ব দ্বিতীয়খন চিৰিয়াখানা!

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
October 1, 2019 10:45 pm
৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ এটা কাৰ্য্যসূচীত কাছাৰ বন সংমণ্ডলৰ মাণ্ডলিক বিষয়া ছান্নী দেও চৌধুৰী। ১ অক্টোবৰত।

৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ এটা কাৰ্য্যসূচীত কাছাৰ বন সংমণ্ডলৰ মাণ্ডলিক বিষয়া ছান্নী দেও চৌধুৰী। ১ অক্টোবৰত।

1.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যবাসীয়ে অচিৰেই দ্বিতীয়খন চিৰিয়াখানা পাব পাৰে আৰু এইখন বৰাক উপত্যকাৰ ধলাইত স্থাপিত হোৱাৰ সম্ভাৱনা।

এই সম্ভাৱনাৰ কথা আজি প্ৰকাশ কৰিছে কাছাৰ বন সংমণ্ডলৰ মাণ্ডলিক বিষয়া ছান্নী দেও চৌধুৰীয়ে।

জিলাখনত আজি অনুষ্ঠিত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ এটা কাৰ্য্যসূচীত চৌধুৰীয়ে কয়, যদি সকলো ঠিকে থাকে ধলাইত এখন চিৰিয়াখানা আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন হ’ব।

দক্ষিণ অসমৰ কাছাৰ জিলাৰ ধলাই ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সমষ্টি।

“আমি মুখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়ক (warden)ৰ পৰা সেউজ সংকেত পাইছো আৰু ইয়াক যথাস্থানত পোৱাবলৈ আমি চেষ্টা কৰি আছো”, বন বিষয়াজনে কয়।

তেওঁ এখন চিৰিয়াখানা স্থাপনৰ আৰম্ভণি প্ৰক্ৰিয়াটোত তিনি-চাৰি বছৰ লাগি যায় বুলি মন্তব্য কৰি বন বিভাগে সেইটো এবছৰৰ ভিতৰত কৰিবলৈ চেষ্টা কৰি আছে বুলি কয়।

যোৱা ৭ জুনত ৰজনীখাল অঞ্চলৰ পৰা ৮২টা পৰিয়ালক উচ্ছেদ কৰাৰ উদ্দেশ্য এই চিৰিয়াখানা স্থাপনেই আছিল নেকি বুলি সোধা প্ৰশ্নত পোনপটীয়াকৈ অস্বীকাৰ কৰে বিষয়াজনে।

“মুঠেই নহয়। অবৈধ দখলকাৰীয়ে ঠাইখিনি দখলত ৰাখিছিল বাবেহে ইয়াত উচ্ছাদ কৰা হৈছিল। আমাৰ সুৰক্ষিত ভূমিক মুকলি কৰাটো আমাৰ কৰ্তব্য। কিন্তু কাৰিকৰীভাৱে ঠাইখিনি চিৰিয়াখানা আৰু উদ্ধাৰ কেন্দ্ৰ বহিব পৰাকৈ সম্ভাৱনাপূৰ্ণ।”, সাংবাদিকৰ প্ৰশ্নত চৌধুৰীৰ উত্তৰ।

তেওঁ লগতে কয়, চিৰিয়াখানা আৰু উদ্ধাৰ কেন্দ্ৰ যদি হয়, এই মানুহখিনিয়ে নিয়োগৰ সুবিধা পাব।

মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰই এই সন্দৰ্ভত কয়, “মই ব্যক্তিগতভাৱে ঠাইখিনি চাইছো আৰু এতিয়া দিল্লীৰ এটা দল এই ঠাইডোখৰ চাবলৈ আহি আছে। যদি ঠাইখিনিত এখন চিৰিয়াখানা হয়, কেৱল মানুহে নতুন বস্তু এটা চাবলৈ পোৱাই নহয়, ই অঞ্চলটোত বন্যপ্ৰাণী সংৰক্ষণতো সহায় কৰিব।”

কাইলৈ ঠাইখিনি পৰ্য্যৱেক্ষণৰ বাবে দিল্লীৰ পৰা দলটো অহাৰ কথা।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd