NORTHEAST NOW (Assamese)

কাজিৰঙাত বেটেলিয়ানৰ বাছৰ পৰা উদ্ধাৰ আহত পহু; বন বিভাগে আটক কৰিলে চালকক

September 1, 2021 10:07 am · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত পহু আহত কৰি বিভাগীয় বাছত লৈ পলায়ন কৰা বাছ চালকক আটক কৰিছে বনবিভাগে ৷

নৱম আৰক্ষী বেটেলিয়ানৰ এখন বাছে মংগলবাৰৰ দিনা বিয়লি কাজিৰঙাৰ হাৰমতিত ৩৭ নং ৰাষ্ট্ৰীয় পথতে এটা পহুক খুন্দিয়াই আহত কৰে ৷

আহত পহুটোক বাছ ভৰাই লৈ যোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ বাছ খনত পহু উঠোৱা প্ৰত্যক্ষ কৰি স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বেটেলিয়ানৰ বাছ খন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মালনি নামৰ বনশিৱিৰৰ সমীপত কৰায়ত্ত কৰে বনকৰ্মীয়ে৷

নৱম আৰক্ষী বেটেলিয়ানৰ AS-30 3822 নম্বৰৰ এই বাছ খনৰ চালক আছিল হেমন্ত সন্দিকৈ ৷ দেৰগাওঁৰ পৰা যাত্ৰী বিহীন বেটেলিয়নৰ দুখন বাছ একে লগে আহি থকা সময়তে বাগৰীৰ হাৰমতিত ঘটনাটো সংঘৰ্টিত কৰে আৰু পহুটো লৈ গৈ থকা অৱস্থাতে গাড়ীখন বাগৰী ৰেঞ্জৰ মালনি বনশিৱিৰ সমীপত বনকৰ্মীয়ে কৰায়ত্ত কৰি বাছৰ ভিতৰৰ পৰা আহত পহুটোক উদ্বাৰ কৰে ৷

ঘটনাৰ সন্দৰ্ভত ভাৰতীয় বন্যপ্ৰাণী আইন ১৯৭২অধীনত গোচৰ ৰজু কৰি বাছ চালক হেমন্ত সন্দিকৈক আটক কৰিছে বন বিভাগে ৷

বাছখন কৰায়ত্ত কৰাৰ সময়ত বাগৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ বন সংৰক্ষকো উপস্থিত হয় ৷ সম্প্ৰতি বাগৰী ৰেঞ্জত জেৰা কৰি থকা হৈছে চালক হেমন্ত সন্দিকৈক ৷

Related News