অৰুণাচল প্ৰদেশত অলপতে উদ্ধাৰ হ’ল শিৱসাগৰৰ পৰা চুৰি হোৱা এখন ফকলেন। জানিব পৰা মতে যোৱা ১৯ এপ্ৰিলত শিৱসাগৰ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এক পাৰ্কিং স্থানৰ পৰা উক্ত ফকলেনখন চুৰি হৈছিল।
অভিযোগ অনুসৰি উক্ত দিনা ভোলানাথ পাৰ্কিং স্থানৰ পৰা আৰিফ খান, ৰাজু আৰু কেইজনমান যুৱকে ঝাৰখণ্ডৰ উমেশ কুমাৰ যাদৱ নামৰ এজন লোকৰ ফকলেনখন ভয়-ভাবুকিৰে বলপূৰ্বক লৈ যায়। ঘটনা সন্দৰ্ভত উমেশ কুমাৰ যাদৱে শিৱসাগৰ সদৰ থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ৩০২/২০১৯ নং গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে।
ফকলেনখন ফাইনাঞ্চ কৰা বি আৰ ডি ইকুইপমেণ্ট ফাইনাঞ্চ লিমিটেডৰ জি পি আৰ এচ চিষ্টেমত অৰুণাচলৰ মেও থানাৰ অন্তৰ্গত খাচাঙত ফকলেনখন থকা বুলি লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে শিৱসাগৰ আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহযোগত খাচাঙত ফকলেনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এটা সূত্ৰই জনোৱা মতে দলটোৱে যোৱা ফকলেনখন জাগুনৰ এজন ব্যক্তিক কামত লগাবলৈ দিছিল। বৰ্তমানে পলাতক আৰিফ খানে উমেশ যাদৱৰ পৰা ফকলেনখন ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও আৰক্ষী এতিয়াও নিশ্চিত হ’ব পৰা নাই। আনহাতে আৰিফ খানৰ মাতৃয়ে উমেশ যাদৱৰ বিৰুদ্ধেও শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰে।
ৰহস্যৰ আৱৰ্তত সুমাই থকা এই সমগ্ৰ ঘটনাটোৱে নগৰখনত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ প্ৰকৃত তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত ছবি পোহৰলৈ আহিব।