Road Accident কলিয়াবৰৰ নলতলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত প্ৰাক্তন ছাত্ৰ নেতা

accident Kaliabor

দুৰ্ঘটনাত নিহত প্ৰাক্তন আছু নেতা মৃগাংক বৰদলৈ।

Road Accident কলিয়াবৰৰ নলতলিত শনিবৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা এগৰাকীৰ থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, শনিবাৰে নিশা ঢেকীয়াজুলিৰ পৰা বাইকৰে কলিয়াবৰ অভিমুখে আহি থাকোতে নলতলিত দলঙত খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় মৃগাংক বৰদলৈ নামৰ যুৱকজনৰ।

কৰ্মসূত্ৰে ঢেকীয়াজুলিৰ বন্ধন বেংকত চাকৰি কৰিছিল মৃগাংকই। কৰ্মস্থলীৰ পৰা কলিয়াবৰৰ ঘৰলৈ উভতি অহাৰ পথতেই নলতলিত বাইক দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লয় প্ৰাক্তন আছু নেতাগৰাকীয়ে।

Also Read: ৰাজ্যত ১ লাখ নিবনুৱাৰ নিযুক্তি; তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে গঠন দুখন সুকীয়া কমিটি

অঞ্চলটোৰ এগৰাকী অমায়িক যুৱক হিচাপে পৰিচিত আছিল মৃগাংক বৰদলৈ।

মৃত্যুৰ সময়ত মৃগাংকৰ বয়স আছিল ৩৩ বছৰ। দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ- AS 02AD 2406।

দুৰ্ঘটনাৰ ফলত মৃগাংকৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ কলিয়াবৰতে শোকৰ ছাঁ পৰিছে।