• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেবক লৈ ব্যস্ত আছুৰ প্ৰাক্তন সভাপতিয়ে পাহৰিলে অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 12:12 pm
aasu-candle-light

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

8.7k
VIEWS
Share on FacebookShare on Twitter

আজি অৰ্থাৎ ১০ ডিচেম্বৰৰ দিনটো অসম আন্দোলনৰ প্ৰথমগৰাকী চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত চহিদ দিৱস হিচাপে পালন কৰা হয়।

ৰাজ্যখনৰ জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী নেতাসকলৰ লগতে প্ৰতিজন অসমীয়াই আজিৰ দিনটোত অসম আন্দোলনৰ চহিদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

স্বাভাৱিকতে আজিৰ দিনটোত আছুৰ নেতাসকলৰ লগতে ইয়াৰ প্ৰাক্তন নেতাসকলে চহিদক সোঁৱৰণ কৰাটো এটা দায়বদ্ধতা তথা পৰম্পৰাৰ বিষয়।

কিন্তু ক্ষমতাই যেন জাতিটোৰ প্ৰতি থকা এই সকলো দায়বদ্ধতাকে নেতাসকলৰ মনৰ পৰা মচি দিছে।

আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অগপ দলৰ সভাপতি আৰু ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী অতুল বৰাই আজি চহিদ দিৱসৰ কথা পাহৰিয়েই গ’ল।

প্ৰাক্তন আছু নেতাগৰাকীৰ ছচিয়েল মিডিয়াৰ টুইটাৰ একাউন্টত দেখা নাই চহিদ দিৱসৰ কোনো টুইট। যোৱা ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত তাৎক্ষণিকভাৱে টুইট কৰা মন্ত্ৰী গৰাকীয়ে ক্ষমতাৰ ৰাগীত পাহৰিয়েই গ’ল চহিদ দিৱসৰ কথা।

একেদৰে আছুৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমান চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তয়ো চহিদ দিৱস উপলক্ষে প্ৰকাশ কৰা নাই কোনো চিন্তা। ছচিয়েল মিডিয়াত প্ৰাক্তন আছু নেতাগৰাকীয়ে চহিদক স্মৰণ কৰাৰ কোনো বাৰ্তা বিচাৰি পোৱা নগ’ল।

আনহাতে, আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বহু পলমকৈহে চহিদ দিৱসৰ বাৰ্তা দিয়া দেখা গ’ল।

ইপিনে, এসময়ত আছুৰ সৈতে জড়িত থকা আৰু পাছত বহু দল-সংগঠন বাগৰি আহি প্ৰভাৱশালী মন্ত্ৰীৰ খিতাপ লাভ কৰা হিমন্ত বিশ্ব শৰ্মায়ো চহিদ দিৱসৰ বাৰ্তা দিয়া দেখা নগ’ল। তাৎপৰ্যপূৰ্ণভাৱে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে এবাৰ অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব চম্ভালিছিল।

স্বাভাৱিকতে বিষয়টোৱে সচেতন অসমীয়াৰ মনত চিন্তাৰ উদ্ৰেক কৰিছে। আছুৰ মজিয়াৰ পৰা গৈয়েই নেতা হোৱা আৰু বৰ্তমান ক্ষমতাৰ কেন্দ্ৰত বহা প্ৰতাপী ব্যক্তিসকলে চহিদক মনত পেলাব নোৱাৰাটো পৰিতাপৰ বিষয়।

দেখা যায় যে এই নেতাসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়ত মন্তব্য বা বাৰ্তা দিবলৈ  তৎপৰতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত কোনোদিনেই পিছ পৰা নাই।

আম্বেদকাৰৰ জয়ন্তীতে হওক বা দীনদয়াল উপাধ্যায়ৰ জয়ন্তীতে হওক কিম্বা আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসেই হওক ৰাতিপুৱা সাৰ পায়েই বাৰ্তা দিবলৈ নাপাহৰা এইসকল নেতাই চহিদ দিৱসৰ কথা পাহৰি যোৱাটো অত্যন্ত লজ্জাজনক বিষয়।

নিজৰ জাতিটোৰ জাতীয় জীৱনৰ চহিদকে পাহৰি যোৱা এনে নেতাৰ পৰা অসমে আৰু কিবা আশা কৰিব পাৰেনে?

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd