NORTHEAST NOW (Assamese)

সহস্ৰাধিক সমৰ্থকৰ সৈতে কংগ্ৰেছত যোগদান প্ৰাক্তন অগপ মন্ত্ৰী বুবুল দাসৰ

April 16, 2019 3:30 pm · কল্পজ্যোতি শইকীয়া
কংগ্ৰেছত যোগদান বুবুল দাসৰ।

কালিলৈকে মৰিগাঁও জিলাৰ অগপৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা প্ৰাক্তন অগপ মন্ত্ৰী বুবুল দাসে আজি মৰিগাঁও জিলাৰ নেলীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে।

প্ৰাক্তন অগপ মন্ত্ৰীগৰাকীৰ সৈতে মৰিগাঁও জিলা অগপৰ সহস্ৰাধিক তৃণামূল নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।

প্ৰাক্তন অগপ নেতাজনক দলটোৰ মজিয়ালৈ আদৰণি জনাই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখপাত্ৰ অপুৰ্ব ভট্টাচাৰ্য্যই।

কংগ্ৰেছৰ দলীয় সভাত কংগ্ৰেছত যোগদান বুবুল দাসৰ

উল্লেখযোগ্য যে, সোমবাৰলৈ জাতীয়তাবাদৰ পোচাক পিন্ধি থকা নেতাজনে দলীয় নেতৃত্বৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি অগপৰ পৰা পদত্যাগ কৰিছিল। মূলত অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিষয়ত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে দাসে পদত্যাগ পত্ৰৰ জড়িয়তে মুকলি ক্ষোভ ব্যক্ত কৰিছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অতুল বৰাই “মন্ত্ৰিত্বতকৈ জাতি ঊৰ্ধ্বত” বুলি কৈ মন্ত্ৰীপদ ত্যাগ কৰাৰ পাছত পুনৰ মন্ত্ৰীৰ আসনত বহা কাৰ্য্যক ধিক্কাৰ দিছিল দাসে। তেওঁ ইয়াৰ পৰিণামৰ কথাও সকীয়াই দিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে,  অসম আন্দোলনৰ নেতা বুবুল দাসে ১৯৯১ আৰু ১৯৯৬ চনত দুবাৰকৈ জাগীৰোড সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্য্যকালত মীন বিভাগৰ মন্ত্ৰীও আছিল। তেওঁ মৰিগাঁও জিলা অগপৰ তিনিবাৰৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ দুবাৰৰ উপ-সভাপতিও আছিল।

Related News