আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

সোমবাৰে আম আদমি পাৰ্টীৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে যোগদান কৰে।

এতিয়া প্ৰতিদিনেই দলটোত যোগদান কৰিছে সাধাৰণ লোকৰ লগতে আন দলৰ একাংশ নেতা-নেত্ৰীয়ে।  ২০১৬ত নাওবৈচা সমষ্টিৰ পৰা জয়লাভ কৰা মামুন ইমদাদুলে ২০২১ত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল। টিকট লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ পিছৰে পৰা ৰাজনীতিৰ পৰা আঁতৰি আছিল মামুন।

আম আদমী পাৰ্টীত যোগদান কৰি মামুন ইমদাদুল হক চৌধুৰীয়ে কয়, “দিল্লীৰ নেতৃত্বৰ লগত আলোচনা কৰি ভিজনসমূহ মিলাৰ বাবে আপত যোগদান কৰিছো। এয়া মাথো আৰম্ভণি। পঞ্জাৱ বা দিল্লীৰ নিচিনাকৈ নহয়, অসমৰ ষ্টাইলত কাম কৰিব আপে। বিজেপিক পৰাস্ত কৰিব আপে পাৰিব।”

ইফালে মামুন ইমদাদুল হক চৌধুৰীৰ লগতে আপত যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সদস্য ব্ৰজেন সন্দিকৈয়ে।

তেওঁ কয়, “দলটো এৰি আহি বেয়া লাগিছে। শীৰ্ষ নেতাই কথা নুশুনা হ’ল। অসমত আম আদমী পাৰ্টীয়ে ভাল ফল দেখুৱাব লোকসভা আৰু বিধানসভা নিৰ্বাচনত। ২০২৬ত অসমত আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিব।”