নগাঁৱত চাঞ্চল্য : ঘৰৰ চোতালতে প্ৰাক্তন সেনা জোৱানক গুলীয়াই হত্যা

Nagaon murder case

ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱত আজি সন্ধিয়া সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত ননৈৰ এজন প্ৰাক্তন সেনাবাহিনীৰ লোকক নিজ ঘৰৰ চোতালতে দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে।

ঘটনাৰ বিৱৰণি অনুসৰি ননৈ আৰক্ষী চকীৰ অন্তৰ্গত খাটৰ গাঁৱত আজি সন্ধ্যা প্ৰায় সাত বজাত এখন পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে দীপেন নাথ (৪২) নামৰ লোকজনৰ মূৰত নিজৰ চোতালতে নিচেই কাষৰ পৰা দুটাকৈ গুলী মৰাত তেওঁৰ থিতাতে মৃত্যু হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্ত দুজনে নাথৰ সৈতে চোতালতে ক্ষন্তেক সময় কথা পতাৰ পিছতে এজনে পিষ্টল উলিয়াই শূন্য দূৰত্বৰ পৰা নাথৰ ওপৰত গুলীবৰ্ষণ কৰে। গুলীচালনা সংঘটিত কৰিয়েই দুৰ্বৃত্ত দুজনে তাৰ পৰা পলায়ন কৰে।

ইপিনে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্বৃত্তই নাথক প্ৰথম অৱস্থাত ঘৰত পোৱা নাছিল। পত্নীৰ জৰিয়তে তেওঁক ঘৰলৈ মাতি আনি কিছু সময় ঘৰৰ চোতালতে কথা-বতৰা পাতি কালিলৈ কথা পাতিম বুলি কৈ নাথ ঘৰৰ ভিতৰলৈ আহিব বিচাৰোতেই লোকদুজনে পিছফালৰ পৰা তেওঁৰ মূৰত দুইজাঁ‌ই গুলী কৰে।

উল্লেখযোগ্য যে ৪ বছৰ পূৰ্বে সেনাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা নাথ এজন ব্যৱসায়ী আছিল। ডাম্পাৰ ভাড়াৰ ব্যৱসায় কৰি থকা নাথ স্থানীয় শ’লমাৰী বজাৰৰ এজন মহলদাৰ আছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, দুৰ্বৃত্তই এছ ০২ জে-৭৭২৯ নম্বৰৰ মটৰ চাইকেলখন ব্যৱহাৰ কৰিছিল আৰু উক্ত নম্বৰটো জনৈক সঞ্জয় সাহাৰ নামত পঞ্জীয়ন হৈ আছে।

উল্লেখযোগ্য যে নগাঁৱত শেহতীয়াভাৱে অপৰাধীৰ হাতে হাতে অবৈধ অস্ত্ৰ সুলভ হৈ পৰাটোয়ে সচেতন ৰাইজক চিন্তিত কৰি তুলিছে। আনহাতে, অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা পুতৌজনক বুলি ৰাইজে অভিযোগ কৰে।