বাহাল থাকিব তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা, কেন্দ্ৰক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ

১২ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰক শপত নামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Tarun Gogoi Z+ security

তৰুণ গগৈ

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

যোৱা ৯ জানুৱাৰীৰ নিশা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পৰা জেদ প্লাছ নিৰাপত্তা কৰ্তন কৰাৰ পাছতেই ইয়াৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

বুধবাৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ নিৰাপত্তা সম্পৰ্কীয় গোচৰ উত্থাপিত হয় বুলি কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়ে।

সুত্ৰটোৱে জনোৱা অনুসৰি ন্যায়ালয়ে বিষয়টোৰ শুনানি নোহোৱা পৰ্যন্ত তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে।

ইয়াৰোপৰি, অহা ১২ ফেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় চৰকাৰক উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা দিয়া বুলি সদৰী কৰি সুত্ৰটোৱে আমাৰ সাংবাদিকৰ আগত কয়, ‘কি কি কাৰণত জেদ প্লাছ কৰ্তন কৰিছে তাৰ কাৰণ অথবা তথ্য কেন্দ্ৰীয় চৰকাৰে উচ্চ ন্যায়ালয়ত জমা দিব লাগিব।’

অৱশ্যে কাইলৈহে লিখিত নিৰ্দেশনা প্ৰকাশ পাব যদিও আজি ন্যায়ালয়ে মৌখিকভাৱে এই নিৰ্দেশ দিয়া বুলি সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে, যোৱা ১০ জানুৱাৰিত সম্বোধন কৰা এক সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক প্ৰতিশোধমূলক আখ্যা দিছিল।

ইয়াৰ পূৰ্বে যোৱা ২২ ডিচেম্বৰৰ দিনা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰাও জেদ প্লাছ নিৰাপত্তা কৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

নিৰাপত্তাৰ ভাবুকিৰ মূল্যায়নৰ ভিত্তিত গৃহ মন্ত্ৰ্যালয়ে দেশৰ ভি ভি আই পিসকলৰ বাবে বিভিন্ন নিৰাপত্তা নিৰ্ধাৰণ কৰে।

জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ৫৫ জন নিৰাপত্তাৰক্ষী থাকে, য’ত ১০জন এন এছ জি কমাণ্ডো।