ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুপ্তহত্যাত জড়িত থকাৰ অভিযোগ তুলি কৰা মন্তব্যক উভতি ধৰিছে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই।
সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপি দলৰ এখন সভাত হিমন্তই অভিযোগ কৰিছিল যে হৰেকৃষ্ণ ডেকা অসম আৰক্ষীৰ মুৰব্বী হিচাপে থকাৰ সময়ত অসমত গুপ্তহত্যা সংঘটিত হৈছিল।
নৰ্থইষ্ট নাওৰ সৈতে বাৰ্তালাপত ডেকাই ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ অস্বীকাৰ কৰে।
ডেকাই হিমন্তক উভতি ধৰি তেওঁক ইয়াৰ সত্যতা বিচাৰি গৃহ বিভাগৰ ফাইল পৰীক্ষা কৰিবলৈ সোঁৱৰাই দিয়ে।
ডেকাই ব্যক্ত কৰে যে ৰাজ্যখনত যেতিয়া গুপ্তহত্যা সংঘটিত হৈছিল সেই সময়ত তেওঁ ডেপুটেশ্যনত ৰেইলৱে বিভাগতহে আছিল।
‘’এই অধ্যায়ৰ (গুপ্তহত্যাৰ) যেতিয়া সামৰণি পৰিছিল তেতিয়াহে মই অসমৰ আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে যোগদান কৰিছিলো। বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰফুল্ল মহন্ত কাৰ্যকালৰ মাত্ৰ কেইমাহমানহে মই ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো,’’-তেওঁ নৰ্থইষ্ট নাওক এইদৰে কয়।
‘’ডিজিপি হিচাপে মোৰ কাৰ্যকাল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শাসনকালতহে অধিক আছিল। আকৌ সেই সময়ত শৰ্মা অসম মন্ত্ৰীসভাৰ এটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল.’’-ডেকাই লগতে কয়।
‘’যদি সেই সময়ত কোনো গুপ্তহত্যাৰ ঘটনা সংঘটিত হৈছিল তেতিয়াহ’লে হিমন্তই তাৰ বাবে দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব। অৱশ্যে, মই নিশ্চিতভাৱে কওঁ যে গগৈৰ শাসনকালত তেনেধৰণৰ কোনো ঘটনা ঘটা নাছিল,’’-ডেকাই কয়।
‘’হিমন্তই তেওঁৰ ন্যস্ত স্বাৰ্থৰ বাবে আৰু মোৰ ভাবমূৰ্তি বিনষ্ট কৰিবৰ বাবে এনেধৰণৰ ভিত্তিহীন মন্তব্য কৰিছে। মই তেওঁক ভৱিষ্যতে এনেধৰণৰ ভিত্তিহীন আৰু দায়িত্বহীন মন্তব্য নকৰিবলৈ সকীয়াই দিছো,’’-ডেকাই লগতে কয়।
ডেকাই ছচিয়েল মিডিয়াত দিয়া এটা প’ষ্টতো হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি কয় যে তেওঁ আৰু লগতে আন বিষয়াসকলে অতীতৰ পৰা হিমন্তৰ বহু কামকাজৰ বিষয়ে “সজাগ’।
প্ৰাক্তন ডিজিপি গৰাকীয়ে লগতে হিমন্তক দুতলীয়া স্থিতি গ্ৰহণ কৰা বুলি অভিযুক্ত কৰে।
ডেকাই লগতে সদৰী কৰে যে হিমন্তই কংগ্ৰেছত থাকে এটা বিশেষ দৃষ্টিভংগী গ্ৰহণ কৰিছিল যিটো তেওঁ গেৰুৱা দলটোত অহাৰ পাছত সুবিধাজনকভাৱে সলনি কৰিছে।