অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ডা০ শৰৎ দত্তৰ পৰলোকপ্ৰাপ্তি

শৰৎ দত্ত

অসমৰ ফুটবল ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ডা০ শৰৎ দত্তৰ সোমবাৰে পৰলোকপ্ৰাপ্তি ঘটে।

গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত প্ৰাক্তন ফুটবলাৰ গৰাকীয়ে ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত দত্তই দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়।

ফুটবলাৰৰ লগতে চিকিৎসা বৃত্তিৰ সৈতে জড়িত শৰৎ দত্তই সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ফুটবল দলক নেতৃত্ব প্ৰদান কৰিছিল।

১৯২৯ চনত ডিব্ৰুগড়ৰ নগাখেলীয়া গাঁৱত জন্মগ্ৰহণ কৰা শৰৎ দত্তই কটন কলেজ(এতিয়াৰ বিশ্ববিদ্যালয়)ত অধ্যয়ন কৰাৰ লগতে গুৱাহাটী টাউন ক্লাৱৰ হৈ খেলি ফুটবলৰ আনুষ্ঠানিক কেৰিয়াৰ আৰম্ভ কৰে।

১৯৫৫ চনত কেৰালাত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত শৰৎ দত্তই অসমক দলক নেতৃত্ব প্ৰদান কৰি প্ৰথমবাৰৰ বাবে ছেমিফাইনেললৈ লৈ গৈছিল।

ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেন্সন লাভ কৰা শৰৎ দত্তৰ মৃত্যুত অসমৰ ক্ৰীড়া জগতত গভীৰ শোকৰ ছাঁ পৰে।

ফুটবলাৰৰ উপৰিও দত্তই এগৰাকী ইউৰোল’জী বিভাগৰ চিকিৎসক হিচাপে সুনাম অৰ্জন কৰিছিল।