ৰাজ্যৰ প্ৰাক্তন শিক্ষা তথা ৰাজহ মন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থ; হাস্পাতালত ভৰ্তি
ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ স্বস্তি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। অসম গণ পৰিষদৰ (অগপ) প্ৰতিষ্ঠাকালৰ নেতা থানেশ্বৰ বড়োৱে প্ৰফুল্ল কুমাৰ মন্ত্ৰীসভাত শিক্ষা আৰু ৰাজহ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বাতৰি অনুসৰি, বুধবাৰে নিশা হঠাতে বড়োৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতয়াকৈ চিকিৎসাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ স্বাস্থ্যৰ অৱ স্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ৰঙিয়াৰ স্বস্তি চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)লৈ স্থানান্তৰ কৰা হয়। চিকিৎসকসকলে তেওঁৰ স্বাস্থ্যৰ ওপৰত দৃষ্টি ৰাখিছে।
জানিব পৰা মতে, কেইবাদিন ধৰি খাদ্যগ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা পোৱাত হাস্পতালত ভৰ্তি কৰাৰ পিছত চিকিৎসকে দেহৰ বিভিন্ন অংশত পানী জমা হোৱাৰ কথা জানিবলৈ দিয়ে।
লগতে পঢ়কঃ ঢাপে ঢাপে সজাই থোৱা কেৱল ২০০-৫০০ টকীয়া নোটৰ বাণ্ডিল; পুনৰ উদ্ধাৰ টকাৰ পাহাৰ
উল্লেখ্য যে অসুস্থতাৰ বাবে বড়ো ইয়াৰ পূৰ্বেও চিকিৎসালয়ত ভৰ্তি হবলগীয়া হৈছিল। ২০২৩ চনৰ জুলাই মাহত বড়োৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হৈছিল। সেইবাৰ অসম চৰকাৰে বড়োৰ অসুস্থতাৰ বাবে প্ৰয়োজনীয় চিকিৎসা সাহায্য প্ৰদান কৰিছিল।
স্বাভাৱিকতে এগৰাকী নীতিনিষ্ঠ ৰাজনীতিক হিচাপে পৰিচিত আৰু সৰল জীৱন যাপন কৰা থানোশ্বৰ বড়ো অসমৰ সমাজ জীৱনৰ এগৰাকী আদৰ্শ ৰাজনীতিক। থানেশ্বৰ বড়ো ৰাজ্য চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি তেওঁ ৩ বাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল।
লগতে পঢ়কঃবিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী
বড়োৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ শুনাৰ পিছত বিভিন্নজনে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অসুস্থতাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। শুভাকাংক্ষীসকলে বড়োৰ আশু আৰোগ্য কামনা কৰিছে।