প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ আনোৱাৰ হুছেইন হাজৰিকাৰ দেহাৱসান

আনোৱাৰ হুছেইন হাজৰিকা

অসম ৰঞ্জি দলৰ প্ৰাক্তন ক্ৰিকেটাৰ অনোৱাৰ হুছেইন হাজৰিকাৰ আজি চিনামৰাস্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত ৭৮ বছৰ বয়সত দেহাৱসান ঘটে।

আনোৱাৰ হুছেইনে অ’ এন জি চিত অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

আনোৱাৰ হুছেইন হাজৰিকা আৰু তেওঁৰ পত্নী শ্ৰেয়া ৰহমানে চিনামৰাত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এখন বিদ্যালয় চলায় আছিল।

মৃত্যুৰ সময়ত আনোৱাৰ হুছেইন হাজৰিকাই ইহ সংসাৰত পত্নীৰ লগতে দুজন পুত্ৰক এৰি থৈ যায়।

আনোৱাৰ হুছেইন হাজৰিকাই ১৯৬৫ চনত ওড়িশাৰ বিৰুদ্ধে ৰঞ্জি অভিষেক কৰিছিল।

অভিষেক খেলতে আনোৱাৰ হুছেইন হাজৰিকাই অসম দলক শতকীয় ইনিংছ উপহাৰ দিছিল।

অসম ৰঞ্জি দলৰ হৈ আনোৱাৰ হুছেইন হাজৰিকাই মুঠ ১৬ খন খেলত অংশ লৈ ৫৬৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুত যোৰহাট ক্ৰিকেট এছ’চিয়েশ্যনৰ  লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।