পথ দুৰ্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ চাইমণ্ডছৰ

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা দুবাৰৰ বিশ্বকাপ বিজয়ী এণ্ড্ৰিউ চাইমণ্ডছৰ শনিবাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু ঘটে। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ টাউনছভিলৰ সমীপতে ঘটা দুৰ্ঘটনাটোত চাইমণ্ডছ নিহত হোৱাৰ কথা নিশ্চিত কৰিছে তেওঁৰ পৰিয়ালৰ লোকে। দুৰ্ঘটনাৰ সময়ত গাড়ী খনত চাইমণ্ডছ অকলেই আছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিশা প্ৰায় ১১ বজাত চাইমণ্ডছে চলাই যোৱা গাড়ী খনে এলিচ ৰিভাৰ ব্ৰীজৰ ওচৰৰ হাৰ্ভি ৰেঞ্জ ৰোডত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাটোত চাইমণ্ডছ গুৰুতৰ ভাবে আহত হৈছিল।

উদ্ধাৰকাৰীৰ দলে ৪৬ বছৰীয়া চাইমণ্ডছক চিকিৎসা প্ৰদানৰ যাৱতীয় সকলো ব্যৱস্থাই কৰিছিল যদিও তেওঁৰ মৃত্যু ঘটে।


উল্লেখ্য অকাল মৃত্যুক সাৱটি লোৱা চাইমণ্ডছে অষ্ট্ৰেলিয়াৰ হৈ ২৬ খন টেষ্ট মেছ খেলিছিল।

বেটিং তথা বলিঙত সমানে পাৰদৰ্শী চাইমণ্ডছে ১৯৮ খন এদিনীয়াত খেলি – ছয়টা শতক আৰু ৩০ টা অৰ্ধ-শতক অৰ্জন কৰাৰ লগতে ১৩৩ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ২০০৩ চনৰ বিশ্বকাপত চাইমণ্ডছে জোহান্সবাৰ্গত অপৰাজিত ১৪৩ ৰাণ কৰি পাকিস্তানক পৰাভূত কৰাত সহায় কৰিছিল।

২০০৭ চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা বিশ্বকাপতো অষ্ট্ৰেলিয়াৰ দলটোক চাইমণ্ডছে তেওঁৰ অতুলনীয় অৱদানেৰে সমৃদ্ধ কৰিছিল।

চাইমণ্ডছে ১৪ খন টি-২০ খেলিছিল ।উল্লেখ্য মাৰ্চ মাহত থাইলেণ্ডত হৃদৰোগত আক্ৰান্ত হৈ লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু হোৱাৰ পিছত চাইমণ্ডছ হৈছে ২০২২ চনত মৃত্যুক সাৱটি লোৱা অষ্ট্ৰেলিয়াৰ দ্বিতীয় গৰাকী বিখ্যাত ক্ৰিকেটাৰ৷

চাইমণ্ডছৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।