NORTHEAST NOW (Assamese)

ধৰ্ষণৰ অপৰাধত ১০ বছৰ কাৰাদণ্ডৰে দণ্ডিত ৮৬ বছৰীয়া বিজেপি নেতা: ৫০ লাখ টকাৰ জৰিমনা

February 23, 2023 9:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 23, 2023 8:49 pm

এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হৈছে বিজেপিৰ এগৰাকী ৮৬ বৰ্ষীয় নেতা। ২১ বছৰ পুৰণি এই গোচৰত অভিযুক্ত এই প্ৰাক্তন বিজেপি বিধায়ক গৰাকীক আদালতে দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে। লগতে আৰোপ কৰিছে ১০ লাখ টকাৰ জৰিমনা।

এই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ২০০২ চনত। ৰাজস্থানৰ বিজেপি নেতা ভনৱাৰলাল ৰাজপুৰোহিতৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত অৱশেষত বুধবাৰে নগৌৰ আদালতে প্ৰাক্তন বিধায়কগৰাকীক শাস্তি প্ৰদান কৰে।

মহিলাগৰাকীৰ অভিযোগ মতে, বিজেপি নেতাগৰাকীয়ে তেওঁক ঘৰলৈ মাতি নিয়াৰ পিছত উপৰ্যুপৰি ধৰ্ষণ কৰিছিল। মুম্বাইত থকা মহিলাগৰাকীৰ স্বামীক ফোন কৰিবলৈ দিয়াৰ অচিলাৰে ঘৰলৈ মাতি নি ভনৱাৰলালে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ কৰিছিল।

পিছত ঘটনাক গাপ দিয়াৰ মানসেৰে ভনৱাৰলালে ৫০০ টকাৰে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল। ইফালে ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা মহিলাগৰাকীয়ে গৰ্ভপাত কৰিবলৈও বাধ্য হৈছিল।

ইয়াৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাৰ পিছৰ বছৰতে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ধৰ্ষণৰ অভিযোগত অভিযুক্ত হোৱাৰ পিছতো ভনৱাৰলালক বিজেপিয়ে টিকট দিছিল। ২০০৩ চনত মাকৰ্ণৰ আসনত ভনৱাৰলালে জয়লাভ কৰে।

অৱশেষত বুধবাৰে দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত দোষী সাব্যস্ত হয় বিজেপি নেতাগৰাকী। বিচাৰপীঠে শাস্তি ঘোষণা কৰাৰ সময়ত হুইল চেয়াৰত বহি আদালতত উপস্থিত আছিল প্ৰাক্তন বিধায়কগৰাকী। আদালতকক্ষতে লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভনৱাৰলালক।

১০ বছৰীয়া কাৰাদণ্ডৰ শাস্তিৰ লগতে আদালতে ভনৱাৰলালক ৫০ লাখ টকা জৰিমনা আৰোপ কৰিছে। এই সমুদায় ধন ভুক্তভোগী মহিলাগৰাকীৰ হাতত গতাই দিবলৈ নিৰ্দেশ দিছে আদালতে।

Related News