• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতৰ গণতন্ত্ৰক হিটলাৰীতন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে মোদী চৰকাৰে! কেন্দ্ৰক তুলাধুনা কংগ্ৰেছ সভাপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 7:03 am
Pawan Khera Arrest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে দিল্লী বিমানবন্দৰত কংগ্ৰেছৰ নেতা পৱন খেৰাৰ গ্ৰেপ্তাক লৈ শাসকীয় বিজেপি চৰকাৰৰ সমালোচনাত সোচ্চাৰ হৈ পৰিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। খাৰেৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই বিজেপি চৰকাৰৰ শাসনক হিটলাৰী শাসনৰ সৈতে তুলনা কৰিছে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে শাসকীয় নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ গণতন্ত্ৰক হিটলাৰীতন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ তোলে। বিৰোধী দলসমূহৰ ওপৰত চৰকাৰৰ দমনমূলক আচৰণৰ উদাহৰণ দি বিজেপিক তীব্ৰ সমালোচনা কৰে খৰ্গেই।

Apply Now

তেওঁ কয়, “বিৰোধীয়ে সংসদত ইছ্যু উত্থাপন কৰিলে জাননী দিয়া হয়। পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে আমাৰ ছত্তীশগড়ৰ নেতাসকলৰ ওপৰত ইডি অভিযান চলোৱা হয়। আজি আমাৰ সংবাদ মাধ্যমৰ অধ্যক্ষক বলপূৰ্বকভাৱে বিমানৰ পৰা নমাই গ্ৰেপ্তাৰ কৰা হয়।”

“মোদী চৰকাৰে ভাৰতৰ গণতন্ত্ৰক হিটলাৰীতন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। আমি এই একনায়কত্ববাদক তীব্ৰ গৰিহণা দিছো।”- হিন্দী ভাষাত এই টুইট যোগে এইদৰে কয় কংগ্ৰেছ সভাপতিগৰাকীয়ে।

ইফালে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও খেৰাৰ গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কাৰ্যক গৰিহণা দি ইয়াৰ দ্বাৰা বিজেপিৰ হতাশা প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে।

“ৰাইপুৰ কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ দিল্লীৰ পৰা গৈ থকা অৱস্থাত অসম আৰক্ষীয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাক বিমানৰ পৰা নমাই আনিছিল। এনে কি জৰুৰীকালীন অৱস্থা আছিল যে অসম আৰক্ষীয়ে দিল্লীলৈ আহি এই কাম কৰিলে?”- এক টুইট যোগে এইদৰে কয় গেহলটে।

“প্ৰথমে ৰায়পুৰত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ অভিযান আৰু এতিয়া এনে কাৰ্যই বিজেপিৰ হতাশা প্ৰতিফলিত কৰিছে। এয়া নিন্দনীয়।”— গেহলটে লগতে কয়।

উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হ’বলগীয়া কংগ্ৰেছৰ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণৰ বাবে আজি দিল্লী বিমানবন্দৰৰ পৰা বিমান যোগে ৰায়পুৰলৈ যাত্ৰা কৰিবলৈ সাজু হোৱাৰ সময়তে ইণ্ডিগ’ৰ বিমানৰ পৰা নমাই আনি খেৰাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পিছতে উচ্চতম ন্যায়ালয়ে ২৮ ফেব্ৰুৱাৰীলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে কংগ্ৰেছ নেতাগৰাকীক। উচচতম ন্যায়ালয়ে লগতে দিল্লীৰ দ্বাৰকা আদালতে খেৰাক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিব বুলি উল্লেখ কৰে।

ইফালে খেৰাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ পৰাও উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আবেদনকাৰী পৱন খেৰাই নি:চৰ্ত ক্ষমা বিচাৰিছে আৰু সেয়ে তেওঁক সুৰক্ষা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd