NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়াৰ নায়ক নগাঁওৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ

June 7, 2021 12:43 pm · কল্পজ্যোতি শইকীয়া

ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলাই ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ নায়ক হিচাপে পৰিগণিত হোৱা নগাওঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই।

এই সন্দৰ্ভত ডেকাই টুইটযোগে লিখি কয়, ‘’নগাওঁৰ বৰ্তমান আৰক্ষী অধীক্ষকগৰাকীৰ ভাৱমুৰ্তিটো কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ সৃষ্ট। ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে তেওঁৰ কাৰ্য্যকালৰ এক সঠিক তদন্তৰ প্ৰয়োজন আৰু ইয়ে বহু কথা উদঙাব।‘’

‘’পোহৰলৈ নহা তথ্য উদঘাটনৰ বাবে এই মুহূৰ্তত NIA ৰ দ্বাৰা তদন্তৰ প্ৰয়োজন।‘’ নগাঁওৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে NIA ৰ তদন্তৰ দাবী কৰি এইদৰে কয় ৰমেন ডেকাই।

ইপিনে, এই টুইটৰ পাছতে আমাৰ সাংবাদিকে ফোনযোগে সাংসদ ডেকাৰ সৈতে সংযোগ স্থাপন কৰাত তেওঁ কয়, ‘’টুইটটোতে সকলো স্পষ্ট। এতিয়া মই সংবাদ মাধ্যমৰ আগত বাইট দিয়া নাই। কোভিড হোৱাৰ বাবে মই ঘৰতে আছো। মিডিয়াই তেওঁক ইমান হিৰ’ বনাব নালাগে। যোৱা তিনিবছৰত ধুবুৰীত কি কৰিছিল, তেতিয়া একো হোৱা নাছিল নেকি?’’

‘’মোৰ কাৰো লগত ব্যক্তিগত আখেজ নাই। মই সেইকাৰণে নামো লিখা নাই কেৱল নগাঁওৰ আৰক্ষী অধীক্ষক বুলি দিছো। আশা কৰো চৰকাৰে কিবা ব্যৱস্থা ল’ব বা আপোনালোকেও নিজাববীয়াকৈ তদন্ত কৰক। NIAৰ তদন্ত বহুদিন আগৰ পৰা দাবী কৰি আহিছো, কিন্তু চৰকাৰে তদন্ত দিব লাগিব।‘’ ৰমেন ডেকাই এইদৰে কয়।

উল্লেখযোগ্য যে,  ধুবুৰীত সীমন্ত শাখাত নিয়োজিত যতীন দাস নামৰ উপ আৰক্ষীগৰাকীক ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সৈতে মিলি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে। তাৰ পাছতে একাংশই ছ’চিয়েল মিডিয়াযোগে ধুবুৰীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সন্দেহৰ দৃষ্টিৰে কটাক্ষ কৰাও পৰিলক্ষিত হৈছিল।

Related News