NORTHEAST NOW (Assamese)

অৱশেষত পালে ‘নতুন ঘৰ’ৰ ঠিকনা; কংগ্ৰেছত যোগদান কৰিব আৰ পি শৰ্মাই

February 23, 2020 1:50 pm · কল্পজ্যোতি শইকীয়া
Updated: February 23, 2020 3:02 pm
আৰ পি শৰ্মাৰ ফাইল ছবি।

বিজেপিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই দুই-এদিনতে কংগ্ৰেছত যোগদান কৰিব।

আজি নিজমুখে নৰ্থ-ইষ্ট নাওক এই কথা জনাই সৌ সিদিনালৈকে অসমৰ অন্যতম পুৰণি বিজেপি নেতাজনে কয়, “‘মই কংগ্ৰেছত যোগদান কৰাৰ কথা ভাবিছো। আলোচনা চলি আছে। মই পোনপটীয়াকৈ নকৰিলেও বেলেগ মানুহে কংগ্ৰেছৰ লীডাৰৰ লগত কথা পাতি আছে। দুই এদিনতে মই যোগদান কৰিম”।

তাৰোপৰি সাংসদজনে “২১-ত কংগ্ৰেছক জিকাইহে এৰিম” বুলি প্ৰত্যাহ্বান প্ৰকাশ কৰে।

যোৱা লোকসভা নিৰ্বাচনৰ সময়ত শেষ মুহূৰ্তত দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত যোৱা বৰ্ষৰ ১৭ আগষ্টত তেওঁ বিজেপি দল ত্যাগ কৰিছিল।

আজি নেতাজনে কয় যে বিজেপিৰ প্ৰতি জনসাধাৰণৰ আস্থা নাইকিয়া হৈছে।

শৰ্মাই যোৱা বছৰ সংবাদ মাধ্যমৰ আগত তেওঁ ‘নতুন ঘৰ’ৰ সন্ধানত থকা বুলি মন্তব্য কৰিছিল আৰু তৃণমূল কংগ্ৰেছকে ধৰি আন কোনো ৰাজনৈতিক দলত যোগদানৰ সম্ভাৱনা প্ৰকাশ কৰিছিল।

পেচাত অধিবক্তা আৰু তেজপুৰত মজবুত ৰাজনৈতিক স্থিতি থকা শৰ্মাই তেওঁৰ এসময়ৰ প্ৰিয় দলটোক সমালোচনা কৰি কয়, “বিজেপিয়ে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি কেইটা পূৰণ কৰিলে? তেওঁলোকে সকলো পাহৰিলে। নিবনুৱা সমস্যা সমাধান হ’ল নে? বেদখল মুক্ত হ’ল নে? সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস পালে নে?”

২০২১-ত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে প্ৰাক্তন সাংসদজনে।

“যদি ৰাজস্থানত কংগ্ৰেছ আহিব পাৰে, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব পাৰে, তেন্তে অসমত কি নোৱাৰিব? অসমতো ২১-ত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। কংগ্ৰেছক জিকাবই লাগিব। আমি যুঁজ দিম।”, উল্লেখযোগ্য যে হাৰিয়ানাত বিজেপি চৰকাৰ থকাৰ কথাটো পাহৰি শৰ্মাৰ মন্তব্য।

Related News