এয়াৰ ইণ্ডিয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব ল’ব বৃটিছ এয়াৰৱেজৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াই

Air India

FILE PHOTO: An Air India Airbus A320neo plane takes off in Colomiers near Toulouse, France, December 13, 2017. REUTERS/Regis Duvignau/File Photo

বৃটিছ এয়াৰৱেজৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আৰু বিমান পৰিবহনৰ অভিজ্ঞ এলেক্স ক্ৰুজ এয়াৰ ইণ্ডিয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হোৱাৰ সম্ভাৱনা আছে। এলেক্স ক্ৰুজ সম্পূৰ্ণ সেৱা আৰু কম ব্যয়ৰ এয়াৰলাইন দুয়োটাৰ নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে সমৃদ্ধ।

এলেক্স ক্ৰুজ ২০২০ চনলৈকে প্ৰায় পাঁচ বছৰ ব্ৰিটিছ এয়াৰৱেজৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল। ইয়াৰ পূৰ্বে তেওঁ স্পেনিছ কম খৰচী ভিউলিংৰ নেতৃত্ব দিছিল।

ব্ৰিটিছ এয়াৰৱেজ ক’ভিদ মহামাৰীৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত হৈছিল আৰু ২০২০ বৰ্ষৰ অক্টোবৰত ১৩,০০০ চাকৰি হ্ৰাস কৰিব লগা হৈছিল। সেই সময়তে ক্ৰুজে এয়াৰলাইনৰ মুখ্য কাৰ্যবাহী পদ ত্যাগ কৰিছিল।

এলেক্স ক্ৰুজে বৰ্তমান কিছুমান উচ্চ পৰ্যায়ৰ কোম্পানীৰ বিনিয়োগকাৰী, বোৰ্ড সদস্য আৰু উপদেষ্টা হিচাপে কাম কৰি আছে।

উল্লেখ্য যে টাটা গ্ৰুপে যোৱা সপ্তাহত এয়াৰ ইণ্ডিয়াৰ দায়িত্ব লোৱাৰ পিছত এয়াৰলাইনটো পুনৰুজ্জীৱিত কৰিবলৈ শীৰ্ষ স্থানৰ পেছাদাৰী ব্যক্তিৰ এটা দল চূড়ান্ত কৰিব বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি এয়াৰ ইণ্ডিয়াৰ নতুন বোৰ্ডখন টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণৰ দ্বাৰা নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে।

টাটা গ্ৰুপে এতিয়ালৈকে বিমান সেৱাৰ গাঁথনিৰ বাবে তেওঁলোকৰ পৰিকল্পনা ঘোষণা কৰা নাই।