বিজেপি সমৰ্থকেই আটাইতকৈ বেছি গো-মাংস ৰপ্তানি কৰে: কংগ্ৰেছ নেতাৰ বিস্ফোৰণ

Karnataka_Chief_Minister_Siddaramaiah

কৰ্ণাটকৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দাৰামাইয়া।

গো হত্যা বন্ধ কৰাৰ বাবে তিনিদিন পূৰ্বে কৰ্ণাটকৰ বিজেপি চৰকাৰে এখন আইন আনিছে। তাৰপাছৰে পৰা বিৰোধীয়ে বিষয়টোক লৈ প্ৰতিবাদ প্ৰদৰ্শন কৰিছে।

ইয়াৰ মাজতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দাৰামাইয়াই মন্তব্য কৰে যে বিজেপিৰ সমৰ্থকসকলেই গৰুৰ আটাইতকৈ বেছি ৰপ্তানি কৰে।

শুকুৰবাৰে সাংবাদিকৰ আগত জ্যেষ্ঠ কংগ্ৰেথছ নেতাগৰাকীয়ে কয়,’’অতি অবৈজ্ঞানিক স্বৈৰাচাৰী পন্থাৰে এই আইনখন প্ৰণয়ন কৰা হৈছে। আমি গো মাংসৰ ৰপ্তানি বন্ধ হোৱাটো বিচাৰো। এই সম্পৰ্কত গোটেই দেশসতে এখনেই আইন প্ৰণয়ন কৰা হওক। কিন্তি আপোনালোকে যদি ভালদৰে চায় দেখিব যে যিসকল গো মাংসৰ ৰপ্তানিৰ কামত জড়িত হৈ আছে তেওঁলোকৰ বেছিভাগেই বিজেপিৰ সমৰ্থক।‘’

ছিদ্দাৰামাইয়াই এই প্ৰসংগত হিন্দু সাধু স্বামী স্বৰূপানন্দ সৰস্বতীৰ পুৰণি এটা মন্তব্যক অস্ত্ৰ হিচাপে লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

তেওঁ কয়,’’ ২০১৪চনত  নৰেন্দ্ৰ মোদীৰ চৰকাৰ দেশত ক্ষমতালৈ অহাৰ পাছতে গো মাংসৰ ৰপ্তানি বৃদ্ধি পাইছে। বিগত বছৰকেইটাৰ পৰিসংখ্যা চালেই সেইকথাৰ প্ৰমান পোৱা যায়। ২০১২-১৩চনত য’ত ভাৰতে ১০লাখ ৭৬হাজাৰ টন গো মাংস ৰপ্তানি কৰিছিল সেয়া ২০১৪-১৫চনত ১৪.৭৫লাখ টনলৈ বৃদ্ধি পায়। ইয়াৰ পাছৰ তিনি বছৰতো ১৩ লাখ টন ৰপ্তানি কৰা হৈছে।‘’

তেওঁ লগতে কয়, ‘’আমি ভাৱো নিৰ্দিষ্ট কেইখনমান ৰাজ্যত এই আইন প্ৰৱৰ্তন নকৰি গোটেই দেশতে কৰা হওক। কিন্তু সেয়া নকৰি এপিনে লাইচেন্স প্ৰদান কৰি গো মাংস ৰপ্তানিত উৎসাহ যোগোৱা হৈছে। আকৌ আনপিনে কোনো সঠিক চিন্তা-চৰ্চা নকৰাকৈয়ে কৰ’বাত কৰ’বাত গো হত্যা বন্ধৰ আইন প্ৰণয়ন কৰা হৈছে।‘’