বৰপেটাত বান শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যত আঞ্চলিক দলক শক্তিশালী কৰাৰ আহ্বান প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

বৰপেটাত প্ৰফুল্ল মহন্ত

শেহতীয়া বানপানীয়ে ভয়াবহভাৱে ক্ষতিগ্ৰস্থ কৰা বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বৰপেটাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

বৰপেটাত উপস্থিত হৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ বান আক্ৰান্ত লোকসকলে আশ্ৰয় গ্ৰহণ কৰি থকা শিবিৰসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ খা-খবৰ লয়।

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে শিবিৰটোত থকা বানাক্ৰান্তৰ অভাৱ অভিযোগৰ বুজ লয়।

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ১৯৫০ চনৰ পৰাই অসমৰ ৰাইজে বান খহনীয়া সমস্যাৰ সন্মুখীন হৈ অহাৰ প্ৰসংগ উত্থাপন কৰে।

আনহাতে, খহনীয়া সমস্যাৰ ফলত ৰাজ্যৰ বহু কৃষকে খেতি মাটি হেৰুৱাবলগীয়া হোৱা বুলিও মহন্তই লগতে মন্তব্য কৰে।

বানপানী আৰু খহনীয়া সমস়্যাৰ সমাধনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱা উচিত বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ক’ৰ’না আৰু বানপানীৰ ফলত ৰাজ্যৰ সাধাৰণ লোকসকল ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাৰ কথা তেওঁ দোহাৰে।

ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ প্ৰসংগও উত্থাপন কৰি এইক্ষেত্ৰত সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ আহ্বান জনায় ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰ নেতাগৰাকীয়ে।

পূৰ্বৰ অগপ চৰকাৰৰ দিনত বানত ক্ষতিগ্ৰস্থ ৰাইজে পৰ্যাপ্ত সাহায্য পোৱাৰ লগতে বানৰ পিচতো ক্ষতিগ্ৰস্থ লোকসকললৈ ছমাহলৈ খাদ্য যোগান ধৰা হৈছিল বুলি প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ লগতে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’লৈয়ো তেওঁ মন্তব্য কৰে। অসম চুক্তিক উলংঘা কৰিব বিচৰা এই আইনৰ বিৰোধিতা কৰি যাব বুলি তেওঁ কয়।

ৰাজ্যত নতুনকৈ গঠন হ’ব লগা আঞ্চলিক দল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, গণতান্ত্ৰিক দেশত আঞ্চলিক ৰাজনৈতিক দল অথবা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল গঠন কৰাৰ সকলোৰে অধিকাৰ আছে ৷ আঞ্চলিক ৰাজনৈতিক দলেহে ৰাজ্যৰ সমস্যা সমাধান কৰিব পাৰে বুলি উল্লেখ কৰি আঞ্চলিক ৰাজনৈতিক দলক শক্তিশালী কৰাৰ বাবে ৰাইজক আহ্বান জনায় প্ৰফুল্ল কুমাৰ মহন্তই।

বান শিবিৰ পৰিদৰ্শন কালত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে অগপৰ কিছু নেতাসকল উপস্থিত থাকে ৷