দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিস্ফোৰণ: কোনো ৰাজনৈতিক দলে এন আৰ চি হোৱাটো নিবিচাৰে

ranjan-gogoi2-768x480-1-1140x570-750x375

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো।

কোনো ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) হোৱাটো নিবিচাৰে। কেবল বিষয়টো উত্থাপন কৰি ৰাজনৈতিক মুনাফা ল’বলৈহে চেষ্টা কৰি আহিছে।

কলকাতাত ইণ্ডিয়া টুডে আয়োজন কৰা এখন আলোচনা চক্ৰত এইদৰে মন্তব্য কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে।

আলোচনা চক্ৰত উপস্থিত থাকি প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন, অসম চুক্তিৰ ৬নং দফা, ৰাম মন্দিৰ আদি সন্দৰ্ভতো মন্তব্য কৰিছে।

তেওঁ কয় যে এটা ৰাজনৈতিক দলে যদি অবৈধ অনুপ্ৰৱেশকাৰীক ভোটৰ বিনিময়ত সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, আন এটা দলে আকৌ প্ৰব্ৰজনকাৰীসকল খিলঞ্জীয়াৰ কাৰণে ভাবুকি স্বৰূপ বুলি কৈ বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে মন্তব্য কৰে যে যোৱা ৫০ বছৰেই অসমত এই খেলেই চলি আছে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত গগৈয়ে কয় যে কেবল উচ্চতম ন্যায়ালয় বা সংসদৰ জৰিয়তেহে আইনখন বাতিল কৰিব পৰা যাব।

তেওঁ উল্লেখ কৰে যে সংসদত এই আইনখন গৃহীত হোৱাৰ বিপৰীতে অসমত এই আইনখনৰ বিৰোধিতা কৰা হৈছে। কিয়নো অসমৰ লোকসকলে এই আইনখনে অস্তিত্বৰ সংকট নমাই আনিব বুলি ভাবিছে।

ৰাম মন্দিৰ সম্পৰ্কত ৰঞ্জন গগৈয়ে কয় যে মানুহে ৰাম মন্দিৰৰ ৰায়ক মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা হিচাপে দেখিছে। এই সকল লোকে ন্যায়িক ৰায় আৰু ৰাজনৈতিক সিদ্ধান্তৰ মাজত সূক্ষ্মতাৰ পাৰ্থক্য বিচাৰ কৰিবলৈ সক্ষম নহয়।

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা ভূমিকাকো সমালোচনা কৰে।