নাগৰিকত্ব (সংশোধন) আইনকলৈ দুভাগত বিভক্ত হোৱা ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপত আজি স্পষ্ট বিভাজন দেখা গ’ল।
আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত একাংশ তৃণমূল কৰ্মীৰ সৈতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ‘কা’ সম্পৰ্কত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও লক্ষণীয়ভাৱে তেওঁলোকে তাত বৈঠক অনুষ্ঠিত কৰিবলৈ নোৱাৰিলে।
মহন্তসহ দলীয় কৰ্মীসকল মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত কাৰ্যালয়টোৰ তিনিওখন গেটত ভিতৰফালৰ পৰা তলাই লগাই বন্ধ কৰি থোৱা আছিল। যাৰ ফলত অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা ভৱনত তেওঁলোকে উক্ত বৈঠক অনুষ্ঠিত কৰিবলগীয়া হয়।
নিজৰে কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰকে ধৰি তিনিখন গেটত তলা দেখি উভতি যাবলগীয়া হোৱা অগপৰ একাংশ ক্ষুব্ধ তৃণমুল কৰ্মীৰ মতে দলটোৰ সভাপতি অতুল বৰাই এই ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে।
উল্লেখযোগ্য যে মুখ্য কাৰ্যালয়ৰ বাহিৰত নিৰাপত্তাৰক্ষী মোটায়েন কৰা আছে, আনহাতে কাৰ্যালয়ত আজি অতুল বৰা শিবিৰৰো বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
বৰ্তমান লক্ষ্মীৰাম বৰুৱা ভৱনত চলি থকা বৈঠকত প্ৰফুল্ল মহন্তৰ উপৰি উপস্থিত আছে অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন তথা তেজপুৰৰ বিধায়ক গোস্বামী, পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকা।
দলটোৰ মুঠ ৩০খন জিলা কমিটি আৰু ৪খন ভাতৃ পৰিষদৰ কাৰ্যকৰ্তা উপস্থিত থকা বৈঠকত ক্ষুব্ধ কৰ্মীসকলে অগপৰ বৰ্তমানৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰাৰ উপৰি সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু অন্য নেতৃত্বৰ বহিস্কাৰৰ দাবী তোলে।
উত্তেজনামূলক সভাৰ মাজতে এগৰাকী তৃণমূল কৰ্মীয়ে “অগপ অতুল বৰা, কেশৱ মহন্ত আৰু ফণী ভূষণৰ বাপেকৰ সম্পত্তি নহয়” বুলি কৈ ক্ষোভ উজাৰে। বাতৰি লিখা সময়ত বৈঠক চলি আছে।