কৃষকক নাৰিকল খেতি কৰিবলৈ আহ্বান প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

নগাঁও জিলাৰ পুৰণিগুদাম চলচলিত আজি দুপৰীয়া নাৰিকল খেতিৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। চলচলি অঞ্চলৰ সমাজকৰ্মী চক্ৰধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত থাকি নাৰিকল খেতিৰ জৰিয়তে স্বাৱলম্বী হ’ব পৰা কথা উল্লেখ কৰি কৃষকক নাৰিকল খেতি কৰিবলৈ আহ্বান জনায়।

নিজ চলচলি গাঁও পঞ্চায়ত খেলপথাৰত পৰম্পৰাগত নাৰিকল উৎপাদন চ’চাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড উপস্থিত থাকি  কৃষকসকল নাৰিকল খেতি কৰি কেনেদৰে লাভৱান্বিত হ’ব পাৰে তাৰ বাখ্যা দাঙি ধৰাৰ লগতে সকলো সময়তে কৃষকসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ব্যৱসায়ীক ভিত্তিত কৰা নাৰিকল খেতিৰ ওপৰত সজাগতা সৃষ্টি উদ্দেশ্যে অসমত প্ৰথমবাৰৰ বাবে পৰম্পৰাগত নাৰিকল উৎপাদন চ’চাইটিয়ে গ্ৰহণ কৰা এই পদক্ষেপে কৃষক ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰচণ্ড গৰমকো নেওচি আজি নিজ চলচলি গাঁও পঞ্চায়তৰ কৃষক ৰাইজে কৰ্মকৰ্তা সকলক সহযোগিতা আগবঢ়াই উৎসাহিত কৰে।

আজিৰ সভাত নগাঁও মহকুমা কৃষি বিষয়া ৰজনী শইকীয়া, সঞ্চালিকা নন্দিতা শইকীয়া, সমাজকৰ্মী হাফিজুৰ ৰহমান, নাৰিকল বিশেষজ্ঞ শশী কুমাৰকে অঞ্চলটোৰ কেইবাগৰাকী সন্মানিয় ব্যক্তি উপস্থিত থাকে।