নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতিত এক অভাৱনীয় পৰিৱেশৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। অসমৰ জনসাধাৰণৰ বিপৰীত স্থিতি গ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিবলৈ ওলোৱা এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে এতিয়া মুকলিকৈ প্ৰতিবাদত নামিছে বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে ৰাজ্য চৰকাৰৰ অংশীদাৰী দল অগপ।
অসমৰ একমাত্ৰ প্ৰধান আঞ্চলিক দলটোৱে মঙলবাৰে বিশাল গণ সমাৱেশেৰ জৰিয়তে বিজেপিক দেখুৱাই দিছে যে যদিহে বিধেয়ক গৃহীত হয় তেন্তে অসমত ইয়াতকৈও এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব।
মঙলবাৰৰ বিশাল সমাৱেশৰ পাছতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। এক সাক্ষাৎকাৰত মহন্তই কয় যে অসমবাসীয়ে বহু আগতেই এই বিধয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিল। বিৰোধিতা কৰোতে ইতিমধ্যে পলম হ’ল। এতিয়া জোঁৰ পুৰি হাত পালেহি। তথাপিও সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত যদিহে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰে তেন্তে ৰাজ্যত এক অকল্পনীয় পৰৱেশৰ সৃষ্টি হ’ব।
ইয়াৰ উপৰি মহন্তই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট বুলি উল্লেখ কৰে। অসমত সংখ্যাৰ ফালৰ পৰা বিজেপিৰ বিধায়ক যথেষ্ট পৰিমানে বেছি সেয়ে দলটোৱে বিধেয়কখনৰ সমৰ্থন কৰি আছে। কিন্তু অগপৰ মাত্ৰ কেইজনমান বিধায়কৰ নেতৃত্বত বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদী সংগ্ৰাম গঢ়ি তুলিবলৈ সক্ষম হ’ছে আৰু এইক্ষেত্ৰত ভৱিষ্যতেও যথেষ্টখিনি সফল হ’ব বুলিও মন্তব্য কৰে মহন্তই।
ইফালে যুটীয়া সংসদীয় সমিতিত থকা অসমৰ সাংসদ সকলৰ স্থিতি সন্দৰ্ভতো মন্তব্য কৰে মহন্তই। তেওঁ কয় যে বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপি দল বদ্ধপৰিকৰ। সেয়ে সমিতিত থকা অসমৰ বিজেপি সাসংদসকলে কিমান সবল যুক্তিৰে ইয়াৰ বিৰুদ্ধে নিজৰ মত উপস্থাপন কৰিছে সেয়া সন্দেহজনক।