• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ বছৰত কিমান বিদেশী বহিষ্কাৰ কৰিলে বিজেপিয়ে শ্বেতপত্ৰ প্ৰকাশ কৰক : তৰুণ গগৈ

"এবাৰ গৰম হোৱা অগপ বিজেপিৰ প্ৰতি এতিয়া আকৌ নৰম হৈছে"

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 16, 2019 9:46 pm
If needed, former Assam CM Tarun Gogoi ready to file case against NRC state co-ordinator Prateek Hajela

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘দেশক বিদেশীমুক্ত কৰা’ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। সেই প্ৰতিশ্ৰুতি প্ৰদানৰ পাঁচ বছৰ হ’ল। আকৌ নিৰ্বাচন আহিল। কিন্তু যোৱা পাঁচটা বছৰত দেশৰ পৰা কিমান বিদেশী বহিষ্কাৰ হ’ল?

নিৰ্বাচনী সভাত উদাত্ত কণ্ঠেৰে ‘১৬ মেৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব’ বুলি ভাষণ দিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা বহিষ্কৃত বাংলাদেশীৰ হিচাপ বিচাৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে যোৱা পাঁচ বছৰত বহিষ্কাৰ কৰা বাংলাদেশীৰ হিচাপৰ এখন শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনায় বিজেপিক।

“নৰেন্দ্ৰ মোদীয়ে কৈছিল ইয়াত লাখে লাখে বাংলাদেশী আছে। এতিয়া সেই লাখ লাখ বাংলাদেশী ক’ত গ’ল? তেতিয়া আমি বাংলাদেশীক প্ৰশ্ৰয় দিয়া বুলি কৈছিল। এতিয়া পাঁচ বছৰত কিমান বাংলাদেশী খেদিলে?”, চৰকাৰলৈ প্ৰশ্ন তৰুণ গগৈৰ।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বিদেশী বহিষ্কাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে শাসনলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ওলোটা খৰ মাৰি বিদেশী আনিবলৈহে চেষ্টা কৰিছিল বুলি কটাক্ষ কৰে।

একেটা প্ৰসংগতে মেঘালয়, মিজোৰাম, মণিপুৰ আদি ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতিৰ শলাগ লয় তৰুণ গগৈয়ে। ইয়াৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি অসমৰ বিজেপিৰ নেতাসকলে বিধেয়কক লৈ কৰা ওকালতিক তেওঁ সমলোচনা কৰে।

“উত্তৰ-পূবৰ বাকী ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলে বিধেয়কখনৰ ফলত যে উত্তৰ-পূবৰ মানুহৰ সূকীয়া পৰিচয়, অস্তিত্ব নষ্ট হৈ যাব সেই কথা উপলব্ধি কৰিছিল। কিন্তু আমাৰ অসমৰ মুখ্য মন্ত্ৰী আৰু বাকীসকল মন্ত্ৰীয়ে অসমৰ স্বাৰ্থত মাত নামাতি বৰঞ্চ মোদী চৰকাৰে উঠ বুলি ক’লে উঠে, বহ বুলি ক’লে বহে”, গগৈয়ে কয়।

সোণোৱাল চৰকাৰক ‘বহতীয়া চৰকাৰ’ আখ্যা দি ‘এই চৰকাৰ যিমান সোনকালে নিঃশেষ হয় সিমানেই মংগল’ বুলিও তৰুণ গগৈয়ে মন্তব্য কৰে।

বিজেপি পুনৰ শাসনলৈ আহিলে বিধেয়কখন আকৌ আনিব বুলি কৰা ঘোষণাৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক লোক সভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাবই লাগিব। কেৱল লোকসভাই নহয় অসমতো দলটোক ক্ষমতাচ্যুত কৰিবই বুলিও তেওঁ মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো এইবাৰ কংগ্ৰেছৰ প্ৰধান নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলিও তৰুণ গগৈয়ে জানিবলৈ দিয়ে।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অগপৰ ভূমিকাক সন্দেহজনক আখ্যা দিয়ে।

“অগপই মাজতে অলপ গৰম হৈছিল, কিন্তু তেওঁলোক বিজেপিৰ প্ৰতি এতিয়া আকৌ নৰম হৈছে। তেওঁলোক বিজেপিৰ সৈতে মিত্ৰতালৈ পুনৰ উভতি গ’লেও আচৰিত হবলগীয়া নাই” গগৈৰ মত।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd