অগপৰ তিনি মন্ত্ৰীয়ে ক্ষমতাৰ খকত বদনকো চেৰ পেলাই অসমীয়া জাতিক প্ৰতাৰণা কৰিলে : তৰুণ গগৈ

09-03-19-Guwahati-Tarun-Gogoi-pmt01

গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফাইল ফটো য়ু বি

অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা স্থাপন কৰাৰ পাছতেই মন্ত্ৰিত্বৰ পদ গ্ৰহণ কৰাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অগপক প্ৰতাৰক দল আখ্যা দিয়াৰ লগতে অগপৰ তিনিজন মন্ত্ৰীক ‘বদন বৰফুকন’ৰ সৈতে তুলনা কৰে।

‘’অগপৰ সুবিধাবাদী ৰাজনীতি অসমৰ ইতিহাসত বিৰল। অগপৰ তিনি মন্ত্ৰীয়ে মন্ত্ৰিত্ব হেৰুৱাৰ দুখ পাহৰিব নোৱাৰিলে। নিজৰ দলৰ আদৰ্শ পাহৰি ক্ষমতাৰ খকত অসমীয়া জাতিক প্ৰতাৰণা কৰিলে। এই তিনিজনে বদনকো চেৰ পেলালে,‘’ সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত অগপৰে মিত্ৰতা কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, ‘‘লোকসভা নিৰ্বাচনত বিজেপি বেয়াকৈ পৰাজয় বৰণ কৰিব। সেয়েহে অগপক গুৱাল গালি পাৰি আকৌ কাষ চপাই ল’লে। হিমন্তই জানে অকলে তেওঁলোক নিৰ্বাচনত জিকিব নোৱাৰে। গতিকে অগপৰ বোকোচাত উঠি নিৰ্বাচন খেলিব বিচাৰিছে।‘’

তদুপৰি, অগপ আৰু বিজেপি দুইটা দলকেই ‘প্ৰতাৰকৰ দল’ আখ্যা দিয়ে গগৈয়ে।

তেওঁ লগতে কয়, ‘’অগপ নিৰ্লজ আৰু ভণ্ডৰ দল।পৃথিৱীতে এনে দল নাই। অগপ বিজেপি দুইটাই ধ্বংস হ’ব লাহে লাহে।‘’

ইপিনে, মিচিং, ৰাভা, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ, গণশক্তি আৰু বিপিএফৰে মিত্ৰতা কৰি যেনে তেনে জোৰা টাপলি মাৰি ৰাজ্যিক বিজেপি চৰকাৰখন চলি আছে বুলি গগৈয়ে সংবাদমেলত কয়।

‘’জোৰা টাপলি মৰা ঘৰ বিজেপি চৰকাৰ। কিমান দিন থাকিব সেই ঘৰ? এজাক ধুমুহাতে ভাঙি পৰিব,’‘-গগৈয়ে এইদৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, আৰ এছ এছৰ নেতৃত্বত বিজেপিয়ে অগপক ধ্বংস কৰিব বিচাৰিছে বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়, ‘’তাত তেল পানী যোগাইছে ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই।‘’

উক্ত সংবাদমেলতে বিজেপিক প্ৰতাৰকৰ দল আখ্যা দিয়ে তৰুণ গগৈয়ে।

তেওঁ কয়, ‘’৫ বছৰত মোদীয়ে আচ্ছা দিনৰ কথা নক’লে। চাকৰিৰ প্ৰতিশ্ৰুতিও পূৰণ কৰা নাই। জাগীৰোড আৰু কাছাৰ কাগজ কল ধ্বংস হ’ল। গোপীনাথ বৰদলৈ বিমান বন্দৰো বিক্রী কৰিব ওলাইছে।‘’

গগৈৰ মতে ‘’বিজেপিৰ শাসনত কৃষকৰ অৱস্থা তেনেই দুখলগা। মহিলাসকলে নিৰাপত্তাহীনতাত ভুগিছে।‘’

ইপিনে, সমগ্ৰ ভাৰততে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনাত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি দাবী কৰে বৰ্ষীয়ান ৰাজনৈতিক নেতাজনে।

তদুপৰি, মোদী চৰকাৰক সমালোচনা কৰি গগৈয়ে কয়, ‘’কংগ্ৰেছে মহাত্মা গান্ধীৰ আদৰ্শ মানে। দীনদয়াল, গডছেৰ আদৰ্শ মনা বিজেপিয়ে আৰু প্ৰধান মন্ত্ৰীয়ে এতিয়া মহাত্মাৰ নাম উচ্চাৰণ কৰে।এয়া ভূতৰ মুখত ৰাম নাম লেখীয়া কথা।‘‘

আনহাতে, সেই একেখন সংবাদমেলতে সেনা জোৱানৰ ত্যাগ আৰু কৃতিত্বক বিজেপি চৰকাৰে নিৰ্বাচনী ইচ্ছু হিচাপে ব্যৱহাৰ কৰিব বিচৰা বুলিও গগৈয়ে মন্তব্য কৰে।

‘‘বিজেপি দল ভাৰতত হতাশ হৈছে। সেয়েহে জোৱানৰ ত্যাগৰ পৰা বিজেপিয়ে মুনাফা ল’ব বিচাৰিছে।কাম কৰি মুনাফা লৈ দেখুৱাওক,’’-গগৈৰ বিজেপি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান।

আনহাতে, ৰাজ্যত অবাধে চলি থকা চিণ্ডিকেটৰাজৰ আঁৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ তোলে তৰুণ গগৈয়ে।

‘’কয়লা, বালি, চিমেণ্ট, ৰদ সকলোতে ছিণ্ডিকেটৰাজ চলিছে। তাৰ ৰজা হৈছে সৰ্বানন্দ সোণোৱাল। তেওঁৰ লগত আছে হিমন্ত বিশ্ব।‘’

তদুপৰি কংগ্রেছক লৈ বিজেপিয়ে ছিণ্ডিকেটৰাজ নকৰিলেই হ’ল বুলি ৰসিকতাপূৰ্ণ মন্তব্য কৰে তৰুণ গগৈয়ে।

গগৈয়ে আৰু কয়, ‘‘হাতত পইচা লুকুৱাই ৰাখিব নোৱাৰে।পদুমৰ পাহিৰ মাজত তেওঁলোকে বহুত ধন লুকুৱাই থৈছে। পদুমৰ দৰে বাহিৰৰ পৰা হে চৰকাৰখন দেখিবলৈ ধুনীয়া, ভিতৰি ফোঁপোলা।‘’

আনহাতে, উক্ত সংবাদমেলতে অসমত নতুনকৈ প্ৰসাৰিত হোৱা এন পি পি দলৰ সমালোচনাত মুখৰ হৈ পৰাৰ লগতে ইয়াক বিজেপিৰ বি-টীম বুলিও আখ্যা দিয়ে।

‘এন পি পি বিজেপিৰ বি-টিম। ভোটৰ অপচয় কৰিবলৈ দলটোৱে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব। বিধেয়কৰ ক্ষেত্ৰত এন পি পিৰ স্থিতি সন্দেহজনক,’‘- এইদৰে কয় গগৈয়ে।

আনহাতে, পূৰ্বতে ‘হু ইজ বদৰুদ্দিন’ বুলি বাৰেপতি এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমলক কটাক্ষ কৰি থকা গগৈয়ে সংবাদমেলত হঠাৎ সুৰ সলোৱা দেখিবলৈ পোৱা গ’ল।

গগৈয়ে কয়, ‘হু ইজ বদৰুদ্দিন বুলি আজি মই নকওঁ কিয়নো তেওঁ এতিয়া সাংসদ, লগত ১২ জন বিধায়ক আছে।‘‘

অৱশ্যে, কংগ্ৰেছ এ আই য়ু ডিএফৰ লগত মিত্ৰতা সন্দৰ্ভত একো আলোচনা হোৱা নাই বুলি গগৈয়ে সংবাদমেলত সদৰী কৰাৰ উপৰিও তেওঁ মিত্ৰতাৰ সম্পূৰ্ণ বিৰোধী বুলিও কয়।