পৰেশ বৰুৱা জীয়াই থকাটো বিচাৰো : তৰুণ গগৈ

সঁচা নে মিছা নিশ্চিত কৰিব নোৱৰাটোক চোৰাংচোৱাৰ ব্যৰ্থতা আখ্যা গগৈৰ

TarunGogoiTweet

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে পোষ্ট কৰা টুইটটো।

আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি আজি পুৱাই ওলোৱা খবৰৰ প্ৰতিক্ৰিয়া কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। গগৈয়ে কয় যে যদিও তেওঁ স্বাধীন অসমৰ কথাটো সমৰ্থন নকৰে, পৰেশ বৰুৱা জীয়াই থকাটো বিচাৰে।

“পৰেশ বৰুৱা বাচি থাকিব লাগে, কিন্তু স্বাধীন অসমৰ কথাটো আমি সমৰ্থন নকৰো”, নিজৰ টুইটত এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

আনহাতে ৰাজ্যত গুপ্তহত্যা পুনৰ চলাৰ কথাও কয় একেটা টুইটতে। ৰেৱতী ফুকনৰ নিৰুদ্দেশ, লাফিকুল ইছলামৰ হত্যাকাণ্ড, ধলা কাণ্ডক গুপ্তহত্যাৰ ইংগিত বুলি স্পষ্টকৈ আঙুলিয়াই দিয়ে।

ইফালে পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰটো সঁচা নে মিছা নিশ্চিত কৰিব নোৱৰাটোক চোৰাংচোৱাৰ ব্যৰ্থতা আখ্যা দিয়ে গগৈয়ে। “চোৰাংচোৱাই সত্য-অসত্য ক’ব নোৱৰাটো ব্যৰ্থতা”, গগৈয়ে টুইটত কয়।

উল্লেখযোগ্য যে আজি পুৱাতেই ৰাষ্ট্ৰ হৈ যোৱা পৰেশ বৰুৱাৰ মৃ্ত্যৰ খবৰটো ইতিমধ্যে অস্বীকাৰ কৰিছে সংগঠনটোৰ তৰফৰ পৰা। এটা বিবৃতিত বৰুৱা সুস্থ হৈ আছে বুলি স্পষ্ট কৰিছে সংগঠনটোৱে।

আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়ায়ো পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য নাই বুলি জনায়।