অনিল ৰাজাই দিয়া গোচৰত পাণবজাৰ থানাত উপস্থিত ৰকিবুল

Rakibul

পাণবজাৰ থানা চৌহদত ৰকিবুল হুছেইন, ২১ ছেপ্তেম্বৰত।

অনিল ৰাজাই দিয়া এজাহাৰৰ ভিত্তিত পাণবজাৰ থানাই ৰুজু কৰা এটা গোচৰত আজি পাণবজাৰ থানাত উপস্থিত হ’ল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন। পাণবজাৰ আৰক্ষীয়ে উক্ত গোচৰৰ বাবে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক থানাত উপস্থিত হ’বৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

মন কৰিব লগীয়া যে যোৱা ১৫ ছেপ্তেম্বৰত ৰকিবুল হুছেইনে তৰা মানহানিৰ গোচৰৰ বাবে আদালতত উপস্থিত থকাৰ সময়ত কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গালৈ চিয়াহী ছটিয়াইছিল ৰকিবুলৰ কেইজনমান সমৰ্থকে। তাৰ বাবে অনিল ৰাজাই পাণবজাৰত এজাহাৰ দিয়াত উক্ত গোচৰটো ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত ১৬ ছেপ্তেম্বৰত পাণবজাৰ আৰক্ষীয়ে চাৰিজনক আটক কৰিছিল। আটক কৰাকেইজনৰ নাম হ’ল আব্দুল ছাত্তাৰ, ৰাকিব হুছেইন, আৰিফ আহমেদ আৰু আব্দুল জানিচাৰ। এওঁলোকক ভৰলু আৰু লাখটকীয়াৰ পৰা আটক কৰিছিল পাণবজাৰ আৰক্ষীয়ে।

একেটা গোচৰতে পাণবজাৰ আৰক্ষীয়ে ৰকিবুল হুছেইনলৈ থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল।

আনহাতে ৰকিবুল হুছেইনক যোৱা ১৭ ছেপ্তেম্বৰতেই থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল বুলি অনিল ৰাজাই সংবাদমেলত দাবী কৰিছিল যদিও এই কথা অস্বীকাৰ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুলে।

এই সম্পৰ্কত তেওঁ কয়, “মোক পাণবজাৰ আৰক্ষীয়ে ২১ তাৰিখে পুৱা ১১:৩০ বজাত উপস্থিত হ’বৰ বাবে কৈছিল।”

ইফালে পাণবজাৰ থানাৰ চৌহদত উপস্থিত হৈয়ে ৰকিবুল হুছেইন পুনৰ অনিল ৰাজাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। থানাৰ চৌহদত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অনিল ৰাজা এজন 420 মানুহ। বিজেপি-RSS মতে কাম কৰিছে অনিল ৰাজাই। ৰাজাই চৰকাৰৰ ষড়যন্ত্ৰ মতেই এইবোৰ কৰি আছে। মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।

ইয়াৰোপৰি অনিল ৰাজাই যোৱা ১৯ ছেপ্তেম্বৰৰ সংবাদমেলৰ সকলো অভিযোগ পুনৰবাৰ নস্যাৎ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় “মোক থানালৈ মাতি ৰাজাই পৈশাচিক আনন্দ লৈছে।”

তেওঁ লগতে কয়, “মোৰ বিৰুদ্ধে আদালতত গোচৰ দিছে, মইহে আকৌ তেওঁতকৈ আগত আদালতত হাজিৰ হ’ব লাগে। তেওঁৰ হাতত যদি মোৰ বিৰুদ্ধে কেলেংকাৰিৰ কিবা তথ্য আছে, তেন্তে সেইখিনি আদালতত দাখিল কৰিব লাগে আৰু সোনকালে জেইললৈ পঠিয়াব লাগে। কিন্তু সেইটো নকৰি তেওঁহে আদালতত বাৰেপতি সময় লৈ আছে।”

উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ মাজত দীৰ্ঘদিন ধৰি ব্যক্তিগত পৰ্য্যায়ত বিবাদ চলি আহিছে। যোৱা এবছৰ কাল ধৰি দুয়ো অভিযোগ-প্ৰতি অভিযোগেৰে সংবাদমেল দিয়াৰ প্ৰতিযোগিতাত লিপ্ত হোৱা দেখা গৈছিল।