দেশ বিক্ৰী নকৰো বুলি অংগীকাৰ কৰা মোদীয়ে ইটোৰ পিছত সিটো দেশৰ সম্পদ বিক্ৰী কৰিছে : ৰাজীৱ শুক্লা

ৰাইজলৈ আহ্বান, কংগ্ৰেছ চৰকাৰক পুনৰ শাসনলৈ আনি বিকাশৰ ৰথখন অসমত পুনৰ চলাব লাগে : ৰাজীৱ শুক্লা

index.jpg

ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ শুক্লাই অসমবাসী ৰাইজলৈ আহ্বান জনায় কয় “কংগ্ৰেছ চৰকাৰক পুনৰ শাসনলৈ আনি বিকাশৰ ৰথখন অসমত পুনৰ চলাব লাগে।”

এই নিৰ্বাচনত দশা আৰু দিশ দুয়োটা সলনি হ’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয় “সোণোৱাল চৰকাৰক উৎখাত কৰাৰ এয়া সুৱৰ্ণ সুযোগ অসমৰ ৰাইজৰ। তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিলে কিন্তু এটাও পূৰণ নকৰিলে। প্ৰথমবাৰলৈ কংগ্ৰেছৰ গেৰাণ্টিৰ কথা মোদীৰ মুখত ওলাল। কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰতিশ্ৰুতি পূৰণ কৰাটো কংগ্ৰেছৰ ইতিহাসত আছে। অসমতো কংগ্ৰেছ চৰকাৰ হ’লে ৫ টা গেৰাণ্টি পূৰণ কৰা হ’ব।”

“ভাৰতবৰ্ষত ইমান পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাছিল, যিমান মোদীৰ দিনত হৈছে। ১ লিটাৰ পেট্ৰ’লত ৪০ টকা কৰিম বুলি মোদীয়ে কৈছিল, কিন্তু হ’লনে?” শুক্লাই প্ৰশ্ন কৰি কয়।

কিন্তু চাউল, দাইল, ঘেঁহুকে ধৰি সকলোৰে দাম বাঢ়িল বুলি অভিযোগ কৰি এতিয়া মোদীয়ে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ কথা ভাষণত নকয় বুলিও তেওঁ কয়।

তেওঁ আৰু কয় “মোদীয়ে দেশ বিক্ৰী নকৰোঁ বুলি কৈ সকলো সম্পদ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। এনেকুৱা হ’লে চৰকাৰৰ হাতত একো সম্পদেই নাথাকিব। ONGCকো বেচিবলৈ চাই আছে কেন্দ্ৰীয় চৰকাৰে। মোদীয়ে যি কয় সেইটো নকৰে যিটো নকয় সেইটো কৰে।”

বিজেপিয়ে এটা বছৰত ২ কোটি চাকৰি দিম কৈছিল সেই অনুযায়ী এই ৭ বছৰত ১৪ কোটি লোকে চাকৰি পাব লাগিছিল কিন্তু এতিয়া আঢ়ৈ কোটি লোকে চাকৰি হেৰুৱালেহে বুলি শুক্লাই দাবী কৰে।

“সোণোৱাল চৰকাৰে ২৫ লাখ চাকৰি এবছৰত দিম বুলি কৈছিল কিন্তু ৫ বছৰত মাত্ৰ ৮০ হাজাৰ চাকৰিহে দিলে।” শুক্লাই কয়।

সোণোৱাল চৰকাৰৰ দিনত কোনো বিকাশ হোৱা নাই, যি হৈছে সকলোবোৰ কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বহুত বেছি বিকাশ হৈছিল। এফালে তৰুণ গগৈক পুৰস্কাৰ দিছিল আনফালে আকৌ কংগ্ৰেছে বিকাশ কৰা নাই বুলি কয়।