NORTHEAST NOW (Assamese)

২ বছৰ কাৰাবাসৰ অন্তত জামিন লাভ কৰিলে দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে

October 18, 2024 6:44 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে। আৰ্থিক দুৰ্নীতিৰ অভিযোগত ২০২২ চনত গ্ৰেপ্তাৰ হৈছিল আম আদমী পাৰ্টিৰ নেতাগৰাকী।

শুকুৰবাৰে দিলীৰ স্থানীয় ৰাউজ এভিনিউ আদালতে নেতাগৰাকীৰ জামিন মঞ্জুৰ কৰে।

ইডিয়ে ২০২২ চনত আৰ্থিক জালিয়াতিৰ গোচৰত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল।

অভিযোগ অনুসৰি মন্ত্ৰী হিচাপে থকা সময়ছোৱাত ক্ষমতাৰ অপব্যৱহাৰ কৰি অবৈধ ধনেৰে মাটি ক্ৰয় কৰিছিল জৈনে।

ইডি-এ গ্ৰেপ্তাৰ কৰি তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল নেতাগৰাকীক। কাৰাগাৰতে অসুস্থ হৈ পৰে দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকী। যোৱা বছৰৰ মে’ মাহত তেওঁ অচেতন হৈ কাৰাগাৰৰ শৌচাগাৰত পৰি যায়। ইয়াৰ পিছত তেওঁৰ অধিবক্তাই সত্যেন্দ্ৰৰ অসুস্থতাৰ কাৰণ উল্লেখ কৰি অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। উচ্চতম ন্যায়ালয়েও এই আৱেদন মঞ্জুৰ কৰে।

কিন্তু চলিত বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে নিয়মীয়া জামিন আবেদন নাকচ কৰে। অৱশ্যে বিশেষ ন্যায়াধীশ বিশাল গগনে কয় যে বিচাৰত পলম হোৱাৰ দিশটো আৰু ১৮ মাহৰ কাৰাদণ্ডৰ দিশটো বিবেচনা কৰাৰ উপৰিও এইটোও মনত ৰখা হৈছে যে বিচাৰ আৰম্ভ হ’বলৈ বহু সময় লাগিব। যাৰ পৰা এই সিদ্ধান্তত উপনীত হ’ব পৰা যাব যে অভিযুক্তক সকাহ দিব পাৰি নে নোৱাৰি।

প্ৰসংগক্ৰমে যোৱা মাহত জামিন লাভ কৰিছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইয়াৰ পূৰ্বে আগষ্ট মাহত মনীষ ছিছ’দিয়াই জামিন লাভ কৰিছিল। এইবাৰ সত্যেন্দ্ৰ জৈনেও জামিন লাভ কৰিলে।

Related News