সাত বছৰ পুৰণি মাওবাদী গোচৰত অৱশেষত দোষমুক্ত হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন চাইবাবা। আজি বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে চাইবাবাৰ লগতে আন পাঁচজনক এই গোচৰত দোষমুক্ত ঘোষণা কৰে।
উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ বিচাৰপীঠেও ইতিপূৰ্বে ২০২২ চনৰ ১৪ অক্টোবৰত অধ্যাপকজনক দোষমুক্ত ঘোষণা কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ বাতিল কৰি নতুন শুনানিৰ বাবে পুনৰ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছিল।
আজি ন্যায়াধীশ বিনয় যোশী আৰু বাল্মিকি এছ এ মেনেজেছৰ বিচাৰপীঠে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰটো প্ৰমাণ কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি UAPAৰ অধীনত উত্থাপিত অভিযোগ বাতিল কৰি তেওঁলোকক দোষমুক্ত ঘোষণা কৰে। অৱশ্যে এই পাঁচগৰাকীৰ মাজৰ এগৰাকীৰ ইতিপূৰ্বে মৃত্যু হৈছে।
বিচাৰপীঠে লগতে কয় যে আইনখনৰ বাধ্যতামূলক বিধানসমূহ উলংঘা কৰাৰ পিছতো গড়চিৰোলী চেচন আদালতে যি বিচাৰ চলাইছে সেয়া ন্যায়ৰ বিফলতাৰ সমপৰ্যায়ৰ। অভিযুক্তৰ বিৰুদ্ধে কোনো আইনী প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হোৱা বুলি বিচাৰপীঠে লগতে উল্লেখ কৰে।
উল্লেখ্য যে, ২০১৭ চনৰ মাৰ্চ মাহত মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ এখন সত্ৰ আদালতে চাইবাবাৰ লগতে এগৰাকী সাংবাদিক, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰসহ আন দুগৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল।
মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ লগতে দেশৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ দৰে কঠোৰ আইনৰ আওতাত অভিযুক্ত কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত তেওঁলোকক দোষী সাব্যস্ত কৰিছিল আদালতে।
আদালতৰ এই ৰায়ৰ পিছতে বৰ্তমান ৫৪ বছৰীয়া চাইবাবা নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি হৈ আছে। লক্ষণীয়ভাৱে শাৰীৰিকভাৱে ৯৯ শতাংশ অক্ষমতাৰ বাবে হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগা হৈছে চাইবাবাই।