ভাৰতীয় সেনা বাহিনীৰ বাবে মাস্ক প্ৰস্তুত কৰিছে প্ৰাক্তন মহিলা আলফা কেডাৰে

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ বিশ্বত বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়ত অসমৰ প্ৰাক্তন মহিলা আলফা কেডাৰ সকলে মাস্ক প্ৰস্তুত কৰাৰ মাধ্যমেৰে জীৱিকা নিৰ্বাহৰ বাবে নতুন পথৰ সন্ধান লাভ কৰিছে।

প্ৰাক্তন মহিলা আলফা কেডাৰ সকলে সাধাৰণ গ্ৰাহকৰ বাবে মাস্ক প্ৰস্তুত কৰাৰ উপৰিও ভাৰতীয় সেনা বাহিনীৰ বাবেও মাস্ক প্ৰস্তুত কৰি উলিয়াইছে।

জানিব পৰা মতে, প্ৰাক্তন মহিলা আলফা কেডাৰৰ এটা গোটে দৰং জিলাৰ ১৪ ঘৰৱাল ৰেজিমেণ্টৰ সেনাবাহিনীৰ কেডাৰ সকলৰ হাতত ১,০০০ অধিক মাস্ক বিক্ৰী কৰিছে।

এই মহিলা সকলে শৈশৱ কালৰে পৰা তাঁত শালৰ কাম জানিছিল যদিও তেওঁলোকে আলফাৰ পৰা আত্মসমৰ্পন কৰাৰ পাছতহে পুনৰ শালৰ কামত লাগে আৰু বৰ্তমান সময়ত মাস্ক প্ৰস্তুত কৰি উপাৰ্জনো কৰিবলৈ সক্ষম হৈছে।

প্ৰতিবছৰ ৰঙালী বিহুৰ সময়ত এইসকল প্ৰাক্তন মহিলা আলফা কেডাৰ সকলে ১০০০ অধিক অসমীয়া গামোছা বিক্ৰী কৰি আহিছিল যদিও এইবাৰ গামোছাৰ পৰিৱৰ্তে মাস্ক প্ৰস্তুত কৰি বিক্ৰী কৰিছে।

প্ৰাক্তন মহিলা আলফা কেডাৰ সকলে প্ৰতিখন মাস্ক ২০ টকা মূল্যত ভাৰতীয় সেনা বাহিনীৰ হাতত বিক্ৰী কৰিছে।