বিজেপিত যোগদান সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙৰ

আৰ পি শৰ্মাৰ কংগ্রেছত যোগদানৰ পোতক তুলিলে নেকি বিজেপিয়ে?

BJP Joins story

বিজেপিত যোগদান কৰা প্ৰেম তামাং

বিজেপিৰ পৰা দলৰ প্ৰাক্তন নেতা আৰ পি শৰ্মা আটৰি গৈ কংগ্ৰেছত যোগদান কৰাৰ পাছত আজি ৰাজ্যিক বিজেপিত যোগদান কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙে।

তামাঙৰ সৈতে এটি বৃহৎ দলে দিছপুৰ লাষ্টগেটস্থিত গৰকপ্তানী বিভাগৰ  প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত ৰাজ্যিক বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

তামঙৰ সৈতে কৃষ্ণ ভুজেল,  সঞ্জীৱ তাতৰা ছেত্ৰী,  শংকৰ লামা,  মহেন্দ্ৰ ৰায়,  মোহন শৰ্মা, ৰাজু তামাং, পূৰ্ণ ছেত্ৰী, পূৰ্ণ কীৰ্তি ৰায়, লাল কুমাৰ তামাং, লাল বাহাদুৰ ছেত্ৰী, জীউৰাজ গৌতলা, মণি বাহাদুৰ তামাঙকে ধৰি গোর্খা ছাত্ৰ সন্থাৰ শতাধিক কাৰ্য্যকৰ্তাই বিজেপিত যোগদান কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কৈ বিজেপিত যোগদান কৰা গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্য্যকৰ্তা সকলক দলৰ মজিয়ালৈ আদৰণি জনায়।

‘‘বিশ্বৰ আটাইতকৈ বৃহৎ দলত যোগদান কৰি প্ৰেম তামাং আৰু অন্যান্য নেতৃত্বই বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰগতিৰ নিমিত্তে জনসাধাৰণৰ হকে কাম কৰি যাব,’’ মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয়।

ইয়াৰোপৰি, প্ৰতিষ্ঠা কালৰে পৰা বিজেপিয়ে অতি দৃঢ়তাৰে কাম কৰি আহি আজিৰ এই ৰূপ পাইছে বুলি উল্লেখ কৰি সোণোৱালে বিজেপিয়ে একমাত্ৰ চৰকাৰ যি সকলোকে আঁকোৱালি ল’ব পাৰে বুলি কয়।

সোণোৱালে প্ৰেম তামাঙৰ লগতে বিজেপিত যোগদান কৰা সকলোৰে উত্তৰোত্তৰ কামনা কৰিছো।

‘‘অসমৰ ৰাইজে বিজেপিক আঁকোৱালি লৈছে। বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলালেও ৰাইজে মোদীৰ প্ৰতি অগাধ বিশ্বাস ৰাখিছে। এইখিনি আস্থা আৰু বিশ্বাস কম সময়তে লাভ কৰাটো ইমান সহজ নহয়,’’ সোণোৱালে ভাষণ প্ৰসংগত কয়।

অসমৰ ৰাইজে শান্তি-সম্প্ৰীতি ভাতৃত্ববোধ আৰু বন্ধুত্ব বজাই ৰাখি আগুৱাই যাব লাগিব বুলিও সোণোৱালে সভাত নিজৰ ভাষণত উল্লেখ কৰে।

সভাত সোণোৱালে হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ পৰা দাখিল কৰা প্ৰতিখন বাজেটে ৰাইজক ন্যায় দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।

অৱশ্যে উক্ত যোগদান অনুষ্ঠানত ভাষণ দিয়াৰ পৰা বিৰত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।