NORTHEAST NOW (Assamese)

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰাক্তন সঞ্চালক কবিতা ডেকাক মৃত অৱস্থাত উদ্ধাৰ

February 13, 2025 2:13 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 13, 2025 2:14 pm

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰাক্তন সঞ্চালক কবিতা ডেকাক বৃহস্পতিবাৰে গুৱাহাটীস্থিত নিজা বাসগৃহত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

আজি পুৱাৰ ভাগত জালুকবাৰীৰ সুধাকণ্ঠ পথত থকা বাসগৃহত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। সূত্ৰই জনোৱা মতে, আত্মহত্যাৰ ফলত ডেকাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাস্থলীত উপস্থিত হৈ সম্প্ৰতি তেওঁৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, কবিতা ডেকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স শাখাৰ অধীনত এটা গোচৰত অভিযুক্ত হোৱা বুলি জানিব পৰা গৈছে। যোৱা মাহত জালুকবাৰীস্থিত তেওঁৰ বাসগৃহত অভিযান চলাইছিল। এই অভিযান ২০১৯-২০ বৰ্ষৰ ভিতৰত হস্ততাঁত আৰু বস্ত্ৰ বিভাগত কৰা নিযুক্তিৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ অংশ আছিল।

তদন্তৰ কেন্দ্ৰবিন্দু হৈছে ছটা পদৰ সৈতে জড়িত কেলেংকাৰী, য’ত নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ দাবী কৰা হৈছে। ডেকাও ভূমি কেলেংকাৰীত জড়িত হৈ থকাৰ ফলত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু অধিক বৃদ্ধি পায়।

Related News