অৱসৰ ভাঙি পুনৰ ক্ৰিকেটৰ পথাৰলৈ অলৰাউণ্ডাৰ ইৰফান পাঠান!

Irfan-Pathan-1-1

ইৰফান পাঠান।

অৱসৰ ঘোষণাৰ পাছত পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি আহিবলৈ সাজু হৈছে ভাৰতীয় অলৰাউণ্ডাৰ ইৰফান পাঠান।

চলিত বৰ্ষৰ জানুৱাৰিত পাঠানে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

কিন্তু এইবাৰ শ্ৰীলংকাত আয়োজন কৰা টী-২০লীগত খেলিবলৈ মন মেলিছে ইৰফান পাঠানে।

বাতৰি অনুসৰি, শ্ৰীলংকা প্ৰিমিয়াৰ লীগৰ ৭০গৰাকী বিদেশী ক্ৰিকেটাৰৰ তালিকাত ভাৰতীয় অলৰাউণ্ডাৰ ইৰফান পাঠানৰো নাম আছে।

অহা ২৮আগষ্টৰ পৰা পাঁচটা দলক লৈ শ্ৰীলংকাৰ প্ৰিমিয়াৰ লীগ আৰম্ভ হোৱাৰ কথা।

ইপিনে, সূত্ৰসমূহে জানিবলৈ দিয়া মতে বিচিচিআইয়ে ইৰফান পাঠানক শ্ৰীলংকাৰ প্ৰিমিয়াৰ লীগত খেলাৰ অনুমতি দিছে।

ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত এগৰাকী পেচ বলাৰ হিচাপে আন্তৰ্জাতিক কেৰিয়াৰ আৰম্ভ কৰা ইৰফান পাঠানে পাছত নিজকে এগৰাকী সফল অলৰাউণ্ডাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।

আন্তৰ্জাতিক পৰ্যায়ত বহুকেইখন মেচত বিজয়ৰ নায়ক পাঠানৰ বলত থকা ছুইং এক বিশেষ অস্ত্ৰ হিচাপে বিবেচনা কৰা হয়।

আন্তৰ্জাতিক কেৰিয়াৰ বৰ বেছি দীঘলীয়া নহ’লেও ইৰফানে তেওঁৰ কেৰিয়াৰত এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপে সদায় ভাৰতীয় দলৰ যুঁজআৰু সৈনিক ভূমিকা পালন কৰিছিল।