কংগ্ৰেছৰ ৰাষ্ট্ৰীয়তাবাদৰ পোছাক খুলি পুনৰ আঞ্চলিকতাবাদৰ পোছাক পিন্ধিলে কমল কুমাৰ মেধিয়ে

‘যিয়ে আৰএছএছ, বিজেপিৰ কাৰচাজি বুজিব পৰা নাই, তেওঁলোকে আমাক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে; কমল কুমাৰ মেধি

কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী দল এটাৰ পোছাক খুলি পুনৰ আঞ্চলিকতাবাদৰ পোছাক পিন্ধিলে কমল কুমাৰ মেধিয়ে।

২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি কংগ্ৰেছলৈ ঢপলিওৱা কমল কুমাৰ মেধিয়ে পুনৰ ঘৰলৈ উভটি অহা বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিছে।

আজি গীতানগৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত লগত শতাধিক সমৰ্থকক লৈ যোগদান কৰে কমলে কুমাৰ মেধিয়ে।

তেওঁক দলৰ মজিয়ালৈ আদৰণি জনায় মুখ্য আহ্বায়ক ভাষ্কো-ডি শইকীয়া, উপদেষ্টা অৰূপ বৰবৰুৱা, মুখ্য আহ্বায়ক ৰুবুল দাস আৰু জিতুল ডেকাই।

যোগদান কৰিয়েই বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনাই মেধিয়ে কয় ‘বিজেপিয়ে জনবিৰোধী নীতি লোৱাৰ সময়ত নাগৰিক সমাজৰ নতুন দায়িত্ব লোৱাৰ সময় আহি পৰিছে। বিজেপি, আৰএছএছ-এ ধৰ্মীয় মেৰুকৰণৰ পৰিবেশ আনিছে। তেনে সময়ত আমি সকলোৱে একত্ৰিত হব লাগে।‘

‘যিয়ে আৰএছএছ আৰু বিজেপিৰ কাৰচাজি বুজিব পৰা নাই, তেওঁলোকে আমাক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে। অখিল গগৈৰ লগত মতানৈক্য হৈ KMSSৰ পৰা ওলাই গৈছিলোঁ। কিন্তু আমাৰ কেতিয়াও ব্যক্তিগত সংঘাত হোৱা নাছিল। বিপদৰ সময়ত আমি এজনে আনজনৰ সহায় কৰি আহিছো।‘ মেধিয়ে অখিলৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি অহা বুলি দাবী কৰি এইদৰে কয়।

তেওঁ লগতে কয় ‘এইটো সত্য বিজেপিৰ একমাত্ৰ বিকল্প কেৱল অখিল গগৈৰ নেতৃত্বতহে পোৱা যাব। মই ক্ষমতাৰ বাবে কংগ্ৰেছ এৰা হ’লে শাসকীয় বিজেপ ত যোগদান কৰিলো হয়। কিন্তু তাকে নকৰি ৰাইজৰ দলত যোগদান কৰিছোঁ।‘