• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2023 7:01 am
Shanti Bhushan Died
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী তথা বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মঙলবাৰে নিশা নতুন দিল্লীত মৃত্যু হয়। শাৰীৰিক অসুস্থতাৰ বাবে ৯৭ বছৰ বয়সত মৃত্যু হয় প্ৰসিদ্ধ আইনজ্ঞ গৰাকীৰ। ভূষণৰ পৰিয়ালে সদৰী কৰা মতে, যোৱা কিছুদিন ধৰি শান্তি ভূষণৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু কালি নিজ গৃহতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, ১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্বাচন বাতিল হোৱা ঐতিহাসিক ৰাজ নাৰায়ণ বনাম ইন্দিৰা নেহৰু গান্ধী গোচৰত ৰাজনীতিবিদ ৰাজ নাৰায়ণক প্ৰতিনিধিত্ব কৰিছিল শান্তি ভূষণে। এই ঐতিহাসিক গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে গান্ধীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা ছবছৰৰ বাবে অযোগ্য ঘোষণা কৰিছিল।

ইয়াৰ পিছতে জ্যেষ্ঠ অধিবক্তা ভূষনে মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাত ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনৈতিক জীৱনত তেওঁ কংগ্ৰেছ (অ) আৰু পিছলৈ জনতা পাৰ্টিৰ সদস্য আছিল। তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে শান্তি ভূষণৰ পুত্ৰদ্বয় জয়ন্ত আৰু প্ৰশান্ত ভূষণো দেশৰ আগশাৰীৰ অধিবক্তা। কিছুদিন পূৰ্বলৈকে আইনী বৃত্তিত সক্ৰিয় হৈ থকা শান্তি ভূষন ৰাফেল যুদ্ধ বিমান চুক্তিৰ আদালতৰ নিৰীক্ষণত তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত পি.আই.এল- ৰ ওপৰত যুক্তি আগবঢ়াইছিল।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূষণৰ মৃত্যুত শোক প্ৰকাশ কৰে। এক টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে আইনী ক্ষেত্ৰলৈ ভূষণে আগবঢ়োৱা অৱদানৰ বাবে স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জনায়।

Shri Shanti Bhushan Ji will be remembered for his contribution to the legal field and passion towards speaking for the underprivileged. Pained by his passing away. Condolences to his family. Om Shanti.

— Narendra Modi (@narendramodi) January 31, 2023

প্ৰধানমন্ত্ৰী মোদীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৱেও ভূষণৰ মৃত্যুত শোক প্ৰকাশ কৰে।

In the demise of the legendary lawyer and former Union Law Minister Shanti Bhushan Ji, an era has passed. He always stood up for his beliefs. He leaves his imprint as much on politics as on jurisprudence. Condolences to his family and friends.

— President of India (@rashtrapatibhvn) January 31, 2023

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd