সুশান্তৰ চহী জাল কৰি একাউন্টৰ পৰা টকা উলিয়াইছিল ৰিয়াই! চাঞ্চল্যকৰ তথ্য পোহৰলৈ

sushant-rhea-chakraborty-

সুশান্ত সিং ৰাজপুট আৰু ৰিয়া চক্ৰৱৰ্তী।

সুশান্ত সিং ৰাজপুতক অচেতন কৰি থৈ তেওঁৰ চহী জাল কৰি ৰিয়া চক্ৰৱৰ্তীয়ে একাউন্টৰ পৰা টকা উলিয়াইছিল।

বাতৰি অনুসৰি, এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেটৰ (ইডি) শেহতীয়া জেৰাত এই কথা স্বীকাৰ কৰিছে সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীয়ে।

ইডিৰ জেৰাৰ সন্মুখীন হৈ ভাগি পৰা প্ৰয়াত অভিনেতাগৰাকীৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদী ৰিয়াৰ বিৰুদ্ধে ৰাজসাক্ষী হ’বলৈয়ো সন্মত হৈছে।

জানিব পৰা মতে, ইডিৰ জেৰাত শ্ৰুতিয়ে বহু চাঞ্চল্যকৰ তথ্য দাঙি ধৰিছে।

জেৰাত শ্ৰুতিয়ে জানিবলৈ দিয়ে যে সুশান্তক ৰিয়াই প্ৰায় তিনিমাহ ঔষধ খুৱাই অচেতন কৰি ৰাখিছিল।

তেতিয়াই সুশান্তৰ চহী নকল কৰি তেওঁৰ একাউন্টৰ পৰা বৃহৎ পৰিমানৰ ধন উলিয়াইছিল।

ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে সুশান্তৰ পানকাৰ্ডকে ধৰি কোম্পানীৰ বহু নথি পত্ৰ। পুৰণি নথি পত্ৰত থকা সুশান্তৰ চহীৰ সৈতে তেওঁৰ বৰ্তমানৰ বহুখিনি চহী মিলা নাই বুলি দাবী কৰা হৈছে।

সুশান্তৰ পিতৃ কে কে সিং ৰাজপুতেও আৰ্থিক হৰলুকিৰ অনুৰূপ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ভিত্তিতে ইডিয়ে তদন্ত কৰিছে।

আনহাতে, সুশান্তৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ চিবিআই, বিহাৰ আৰক্ষী নে মুম্বাই আৰক্ষীয়ে কৰিব সেইটো উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰতহে নিৰ্ভৰ কৰিব।