কংগ্ৰেছতকৈ জাতি ডাঙৰ; বিজেপি মুখে বৰাক সম্ৰাট গৌতম ৰয়?

gautam roy

গৌতম ৰয়। সৌজন্য: northeasttoday.in

হিন্দু ধৰ্ম আৰু বাঙালী জাতিৰ বিৰুদ্ধে যাব নোৱাৰে বুলি ঘোষণা কৰি পুত্ৰ ৰাহুল ৰয়ে শনিবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত একে পথৰে পথিক হৈ বিজেপি গমনৰ যো-জা চলাইছে বৰাক সম্ৰাট গৌতম ৰয়ে।

এসময়ৰ হাইলাকান্দিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীজনে আসন্ন লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৰ হৈ কৰিমগঞ্জ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে, এক সূত্ৰৰ দাবী।

বিজেপিৰ নেতা-কৰ্মীসকলে ৰয়ক দলত বিচৰা নাই। কিন্তু প্ৰায় ৬০ শতাংশ মুছলমান ভোট থকা কৰিমগঞ্জ সমষ্টি দখলৰ বাবে বিজেপিক প্ৰয়োজন এজন শক্তিশালী নেতাৰ— যি মুছলমানৰো বিশ্বাসভাজন। আৰু বৰাক সম্ৰাট গৌতম ৰয়তকৈ তাৰ বাবে উপযুক্ত কোন হ’ব পাৰে?

লগতে পঢ়ক– বিধেয়ক বিৰোধিতাৰ বাবে দলে দিয়া নিৰ্দেশ অমান্য কৰি কংগ্ৰেছ ত্যাগ ৰাহুল ৰয়ৰ

নাগৰিকত্ব বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনমত বিজেপি বিৰোধী হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত আসন্ন লোকসভা নিৰ্বাচনত বৰাকৰ দুই সমষ্টি কৰিমগঞ্জ আৰু শিলচৰ হেৰুৱাব নোখোজা গেৰুৱা দলটো বিজয়ৰ বিনিময়ত যিকোনো সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰস্তুত।

সমষ্টিটোৰ বৰ্তমানৰ সাংসদ এ আই ইউ দি এফৰ ৰাধেশ্যাম বিশ্বাস। বদৰুদ্দিন আজমলৰ দলৰ হোৱা সূত্ৰে স্বাভাৱিকতেই সমষ্টিটোৰ মুছলমান ভোটাৰৰ বিশ্বাস পাবলৈ সক্ষম হৈছিল সাংসদজন।

বিশ্বাস নিজে হিন্দু হোৱা বাবে একাংশ হিন্দু ভোটো তেওঁৰ বাবে নিশ্চিত হৈছিল।

হাইলাকান্দিৰ বিধায়ক হৈ থকা সূত্ৰে অঞ্চলটোত অত্যন্ত প্ৰভাৱশালী সন্তোষ মোহন দেৱৰ পিছত এসময়ত বৰাকৰ নেতা বুলিলে অসমৰ মানুহৰ একমাত্ৰ চিনাকী মুখ প্ৰাক্তন মন্ত্ৰী ৰয়। হাইলাকান্দিকে ধৰি কৰিমগঞ্জ উত্তৰ আৰু দক্ষিণ, পাথাৰকান্দি, ৰাতাবাৰী, বদৰপুৰ, কাটলিচেৰা আৰু আলগাপুৰ বিধান সভা সমষ্টিক লৈ লোকসভা সমষ্টিটো গঠিত হৈছে।

আন এক সূত্ৰৰ মতে বিজেপি গমনে ৰয়ক আন এটা ক্ষেত্ৰটো সহায় কৰিব পাৰে। অসম কঁপোৱা এ পি এছ চিৰ তদন্তত ৰয়ক এবাৰ অসম আৰক্ষীয়ে এবাৰ সোধ-পোচ কৰিছিল। ৰাকেশ পাল গৌতম ৰয়ৰ যোগেদিয়েই কংগ্ৰেছ আমোলত ক্ষমতাশালী হোৱা বুলি জনাজাত।

সোণোৱাল চৰকাৰ অহাৰ পিছত সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ তদন্তটো ৰয় ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ’ব লগা হৈছিল।

তদন্তৰ বৰ্তমান পৰ্য্যায় জনা নাযায়। কিন্তু শাসকীয় বিজেপি গমন ৰয়ৰ বাবে এইক্ষেত্ৰত সকাহদায়ক হ’ব বুলিয়ে ধাৰণা কৰিছে একাংশই।

নিৰ্বাচনী ৰাজনীতিত সকলো সম্ভৱ!