NORTHEAST NOW (Assamese)

Former Miss Brazil: মাত্ৰ ২৭ বছৰ বয়সত মৃত্যু প্ৰাক্তন মিছ ব্ৰাজিল গ্লাচি কোৰিয়াৰ

June 24, 2022 4:00 pm · এন ই নাও নিউজ, গুৱাহাটী

মাত্ৰ ২৭ বছৰ বয়সতে প্ৰাক্তন মিছ ব্ৰাজিল গ্লাচি কোৰিয়াৰ মৃত্যু ঘটিছে। মস্তিষ্কৰ ৰক্তক্ষৰণ আৰু হৃদ ৰোগত আক্ৰান্ত হোৱাই তেওঁৰ মৃত্যুৰ কাৰণ বুলি জানিব পৰা গৈছে।

গ্লাচি ২০১৮ চনত মিছ ব্ৰাজিল নিৰ্বাচিত হৈছিল। সোমবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

খবৰ অনুসৰি তেওঁ যোৱা দুমাহ ধৰি কোমাত আছিল। টনচিলৰ অস্ত্ৰোপচাৰৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু অস্ত্ৰোপচাৰৰ পিছতে তেওঁৰ ৰক্তক্ষৰণ আৰম্ভ হয়।

যোৱা ৪ এপ্ৰিলত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। তাৰ পিছত কোমালৈ যায়। সেইদৰে যোৱা সোমবাৰে তেওঁৰ মৃত্যু ঘটে। মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ মৃতদেহ পৰিয়ালটোক হস্তান্তৰ কৰা হয়।

গ্লাচিৰ পাৰিবাৰিক বন্ধু লিডিয়ান আলভেছে কয়: “তেওঁৰ মৃত্যুত আমি গভীৰভাৱে দু:খিত। তেওঁ এগৰাকী মহান ব্যক্তি আছিল।‘’

পেছাদাৰী মডেল, বিউটিচিয়ান গ্লাচিৰ জনপ্ৰিয়তা শীৰ্ষত আছিল। ইনষ্টাগ্ৰামত তেওঁৰ ৫৬ হাজাৰৰো অধিক অনুগামী আছিল।

গ্লাচিৰ জন্ম ব্ৰাজিলৰ এখন সৰু চহৰ মাকাউত হৈছিল। গ্লাচিৰ অন্ত্যেষ্টিক্ৰিয়া মঙলবাৰে সম্পন্ন হয়।

Related News