• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিবিআইৰ বেশ ধৰি ‘ডিজিটেল এৰেষ্ট’ প্ৰাক্তন ‘মিছ ইণ্ডিয়া’ক! ৯৯ হাজাৰ টকা লুটি নিলে মডেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2024 9:11 am
147
VIEWS
Share on FacebookShare on Twitter

পুনৰ দেশত সংঘটিত হৈছে ডিজিটেল এৰেষ্টৰ ঘটনা। এইবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে উত্তৰ প্ৰদেশৰ এগৰাকী মডেল শিৱংকিতা দীক্ষিত। তেওঁৰ পৰা ৯৯ হাজাৰ টকা লুটি নিয়া বুলি আৰক্ষীক অভিযোগ কৰে। শিৱংকিতাই দাবী কৰে যে তেওঁক প্ৰায় ২ ঘণ্টা ধৰি ডিজিটেল এৰেষ্টত ৰখা হৈছিল। ইয়াৰ উপৰিও তেওঁ প্ৰাক্তন মিছ ইণ্ডিয়া।

মডেলগৰাকীয়ে আৰক্ষীক জনোৱা মতে, যোৱা মঙলবাৰে তেওঁৰ এটা হোৱাটছএপ কল আহিছিল। তেওঁক মানৱ সৰবৰাহ আৰু ড্ৰাগছ চক্ৰৰ সৈতে জড়িত বুলি কোৱা হয়। আৰু এই সম্পৰ্কীয় অবৈধ ধন তেওঁৰ বেংক একাউণ্টত জমা হৈছে।

শিৱংকিতাক চিবিআই বিষয়া বুলি পৰিচয় দি কোনোবাই ফোন কৰিছিল। তেওঁ দাবী কৰে যে যদি তেওঁ ৯৯ হাজাৰ টকা দিয়ে তেন্তে তেওঁক মুকলি কৰি দিব পাৰিব। শিৱংকিতাই ভয় খাই টকাখিনি ট্ৰেন্সফাৰ কৰিলে।

ইয়াৰ পিছত যেতিয়া কথাটো তেওঁৰ পৰিয়ালক কোৱা হয়, তেতিয়া মডেলগৰাকীয়ে বুজি পায় যে তেওঁক প্ৰতাৰণা কৰা হৈছে। লগে লগে তেওঁ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

যোৱা কেইমাহমানত ডিজিটেল এৰেষ্টৰ সংখ্যা বৃদ্ধি পাইছে। দুই এটা ফোন কল আৰু ভিডিঅ’ কলৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰা হৈছে। কেইবা হাজাৰৰ পৰা লাখ, কোটি টকা পৰ্যন্ত হেৰুৱাব লগা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক সজাগতা অভিযান আৰম্ভ কৰিছে। অজ্ঞাত ফোন নম্বৰৰ পৰা ফোন বা ভিডিঅ’ কল লাভ কৰাৰ সময়ত সাৱধান হ’বলৈ কোৱা হৈছে। সন্দেহ হ’লে আৰক্ষীক খবৰ দিবলৈ কোৱা হৈছে। কিন্তু কোনো লাভ হোৱা নাই।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চাইবাৰ জালিয়াতি ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বন্ধ কৰা হৈছে ৫৯ হাজাৰ হোৱাটছএপ একাউণ্ট। কেৱল সেয়াই নহয়, ১৭০০ স্কাইপ আইডি বন্ধ কৰাৰ সিদ্ধান্তও লৈছে কেন্দ্ৰই। এইবোৰৰ পৰা প্ৰৱঞ্চনা কৰাৰ সম্ভাৱনা বেছি কাৰণে চৰকাৰে বাতিল কৰিছে।

আন এক তথ্য পোহৰলৈ আহিছে যে চলিত বৰ্ষৰ ১৫ নৱেম্বৰলৈকে চাইবাৰ জালিয়াতিৰ অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ১ লাখ ৩০ হাজাৰৰো অধিক আইএমইআই নম্বৰ থকা প্ৰায় ৭ লাখ চিম কাৰ্ড ব্লক কৰি ৰাখিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd