NORTHEAST NOW (Assamese)

পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ দেহাৱসান

October 31, 2020 10:51 am · এন ই নাও নিউজ
Updated: October 31, 2020 12:35 pm
ভূৱনেশ্বৰ বৰ্মন

ৰাজ্যৰ জেষ্ঠ ৰাজনীতিবিদ তথা স্বাধীনতা সংগ্ৰামী ভূৱনেশ্বৰ বৰ্মনৰ শনিবাৰে গুৱাহাটীত দেহাৱসান ঘটে।

দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভূগি থকা প্ৰাক্তন বিধায়ক গৰাকীয়ে শনিবাৰে ৰাতিপুৱা ৫.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত ভূৱনেশ্বৰ বৰ্মনৰ বয়স হৈছিল ৯৭ বছৰ।

ভূৱনেশ্বৰ বৰ্মনে বৰপেটা জিলা (বৰ্তমানৰ বজালী)ৰ পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা দুবাৰ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্মনে ১৯৬৭-৭২ চনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৭৮-৮৩ চনত জনতা পাৰ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰে।

জেষ্ঠ ৰাজনৈতিক গৰাকীৰ মৃত্যুত অসমৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক ব্যক্ত কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Related News