• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰভোগৰ প্রাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2019 8:42 am
pranita talukder

সৰভোগৰ প্ৰাক্তন বিধায়িকা প্ৰনীতা তালুকদাৰ। ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়িকা, শিক্ষয়িত্ৰী, সমাজকৰ্মী প্ৰণীতা তালুকদাৰৰ (৮৫) শনিবাৰে আবেলি গুৱাহাটীৰ দিচপুৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰতিটো ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দিশৰ সৈতে জড়িত থাকি তালুকদাৰে সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

১৯৩৫ চনত গুৱাহাটীৰ উজান বজাৰত জন্মগ্ৰহণ কৰা প্ৰণীতা তালুকদাৰে সৰভোগৰ প্ৰাক্তন বিধায়ক জননেতা তথা বৰনগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম তালুকদাৰৰ লগত বিবাহপাশত আবদ্ধ হয়।

প্ৰনীতা তালুকদাৰ ১৯৬০ চনত বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্যনিৰ্বাহ কৰাৰ উপৰি বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপিকা হিচাপে কাম কৰাৰ লগতে বৰপেটা ছোৱালী মহাবিদ্যালয়তো ৮ বছৰ অধ্যাপনা কৰিছিল।

তালুকদাৰ কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ সমিতিৰো সভাপতি আছিল আৰু সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা পৰিচালনা সমিতিৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছিল।

সামাজিক তথা সাংস্কৃতিকভাৱেভাৱেও জনপ্ৰিয় তথা পৰিচিত তালুকদাৰে সৰভোগৰ মহিলাসকলক লগত লৈ গান্ধী ভৱনত কেইবাখনো স্বৰচিত নাটক আৰু নৃত্যনাটিকা মঞ্চস্থ কৰিছিল। ২০১৩ চনত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা স্ত্ৰী-শক্তি বঁটা গ্ৰহণ কৰিছিল।

প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰীগৰাকীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সমিতিৰ সভাপতি ৰিপুন বৰা, জনিয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক, কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসকে ধৰি বৰনগৰ প্ৰেছ ক্লাব, ৰাধাগোবিন্দ ক্ৰীড়া সংগঠন আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

Recent News

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd