উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত মুখ থেকেচা খোৱাৰ সম্ভাৱনা বিজেপিৰ

অগপ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা আৰু প্ৰাক্তন বিধায়ক তথা এনপিপি প্ৰাৰ্থী সমৰজিত হাফলংবাৰ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনক লৈ ডিমা হাচাওৰ ৰাজনৈতিক বতৰ বৰ্তমান উত্তপ্ত হৈ পৰিছে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম দিন ৩ জানুৱাৰি।

আজি পৰিষদৰ ২৮ খন আসনৰ কাৰণে বিজেপি, কংগ্ৰেছ, অগপ, এনপিপি আৰু নিৰ্দলীয়কে ধৰি প্ৰায় শতাধিক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰা সকলৰ ভিতৰত আছে বিজেপি প্ৰাৰ্থী দেবলাল গাৰ্লচা, অগপ প্ৰাৰ্থী তথা প্ৰাক্তন চিইএম দেবজিত থাউচেন, অগপ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা, পৰিষদৰ অধ্যক্ষা তথা বিজেপি প্ৰাৰ্থী ৰাণু লাঙঠাচা, প্ৰাক্তন ইএম তথা নিৰ্দলীয় প্ৰাৰ্থী বিমল হোজাই, ইএম তথা নিৰ্দলীয় প্ৰাৰ্থী থাইচ’দাও থাউচেন, প্ৰাক্তন বিধায়ক তথা এনপিপি প্ৰাৰ্থী সমৰজিত হাফলংবাৰ আদি।

অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ সৈতে প্ৰাধান্য পাইছে নিৰ্দলীয় প্ৰাৰ্থী সকলে। বিজেপি দলৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত অধিকাংশ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে নিৰ্দলীয় হিচাপে।

গতিকে স্থানীয় সচেতন লোকে আগন্তুক নিৰ্বাচনত বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পৰা দূৰত অৱস্থান কৰাটো নিশ্চিত বুলি উল্লেখ কৰিছে।

মন কৰিব লগীয়া যে অগপ প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ ৱাৰিচাৰ মতে অগপ দলে আগন্তুক নিৰ্বাচনত অতি কমেও ২০ খন আসন লাভ কৰিব। বিপৰীতে এনপিপিৰ জিলা সভাপতি প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে এনপিপিয়ে ১২ খন আসনত প্ৰাৰ্থী দিছে আৰু ১২ খনতে জয় লাভ কৰিব বুলি কয়। ইফালে বিজেপিয়ে আগন্তুক নিৰ্বাচনত বিজেপি দলেই আটাইবোৰ আসনত জয়ী হ’ব আৰু চৰকাৰো গঠন কৰিব বুলি কয়।