এ আই ইউ ডি এফ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে

Former Naoboicha MLA Mamun Imdadul Haque Chawdhury Quits AIUDF

নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে আজি এ আই ইউ ডি এফ দল ত্যাগ কৰিছে।

সামাজিক মাধ্যম ফেচবুক এটা পোষ্টৰ যোগেদি এই কথা সদৰী কৰিছে প্ৰাক্তন বিধায়ক জনে।

এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰি দল ত্যাগৰ সিদ্ধান্ত লয় চৌধুৰীয়ে।

পোষ্টটোত উল্লেখ কৰা মতে, ছিপাঝাৰৰ গৰুখুঁটীৰ উচ্ছেদ সম্পৰ্কত দলৰ নিৰৱতাৰ বাবে অত্যন্ত ক্ষোভিত হৈ দল ত্যাগৰ কথা ঘোষণা কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।

পোষ্টটোৰ যোগেদি এ আই ইউ ডি এফ- ৰ মিথ্যাচাৰিতা সম্পৰ্কেও অভিযোগ কৰে তেওঁ।

তেওঁ উল্লেখ কৰে যে, চৰৰ মানুহক ভূমি পট্ৰা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে দল গঠন কৰা দলটোৱে ১৫ বছৰৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

বদৰুদ্দিন আজমলক আত্ম বিশ্লেষণৰ উপদেশ দি দলৰ সদস্য পদ ত্যাগ কৰাৰ কথা সদৰী কৰে মামুন ইমদাদুল হক চৌধুৰীয়ে।

উল্লেখ্য যে চৌধুৰীয়ে এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছিল।