ভেটিকান চিটিৰ প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ দেহাৱসান; শোকস্তব্ধ বিশ্বৰ অজস্ৰ গুণমুগ্ধ

ভেটিকান চিটিৰ প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ শনিবাৰে দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। ভেটিকানৰ সূত্ৰৰ দ্বাৰা এই বাতৰি নিশ্চিত কৰা হৈছে।

বাতৰি অনুসৰি, বেনেডিক্টে পোপ হিচাপে অৱসৰ লোৱাৰ পিছত বাস কৰা গুহাটোতেই শেষ নিশ্বাস ত্যাগ কৰিছে। কেইবাদিনো ধৰি, বাৰ্দ্ধক্যজনিত ৰোগৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল।

লগতে পঢ়ক: Happy New Year 2023 Messages: ‘নৱবৰ্ষৰ শুভেচ্ছা ২০২৩’-নতুন বছৰৰ আৰম্ভণিতে প্ৰিয়জনক দিয়ক শুভেচ্ছা

বছৰটোৰ শেষত, গোটেই চহৰখন এই বাতৰিত শোকস্তব্ধ হৈ পৰিছে। প্ৰাক্তন পোপৰ মৃত্যুত ভেটিকেনৰ তৰফৰ পৰা এক টুইটযোগে কোৱা হৈছে, “আমাৰ শ্ৰদ্ধেয় পোপ এমিৰিটাছ ষোড়শ বেনেডিক্টৰ আজি পুৱা ৯:৩০ বজাত মৃত্যু হয়।” অহা ৫ জানুৱাৰীত পোপগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

বৰ্তমানৰ পোপ ফ্ৰান্সিছে প্ৰায়ে অসুস্থ বেনেডিক্টক চাবলৈ গৈছিল। বেনেডিক্টে প্ৰায় আঠ বছৰ পোপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৩ চনত পোপ পদৰ পৰা স্বেচ্ছাই পদত্যাগ কৰিছিল।